
বৃহস্পতিবাৰে পুৱা ১১ মান বজাত ডিফুৰ কাৰবি ছাৰ্ভিছ (Diphu’s Karbi Service) নামৰ পেট্ৰ’ল পাম্পত পানী মিহলি পেট্ৰ’ল (Petrol mixed with water at petrol pump) বিক্ৰী কৰা অভিযোগক লৈ এক হূলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়৷ একাংশ গ্ৰাহকে পেট্ৰ’ল ডিপুটোত পেট্ৰ’লৰ সৈতে পানী বিক্ৰিৰ অভিযোগ উত্থাপন কৰিছে৷ তেল ভৰোৱাৰ পিছমুহূৰ্ততে আদবাটত একাংশ বাহন বিকল হোৱাকলৈ পেট্ৰ’ল ডিপুটোত গ্ৰাহক উপস্থিত হৈ জবাবদিহী কৰে স্বত্বাধিকাকাৰীক ৷













