
সোমবাৰে বিয়লি ডিফুত (Diphu) কাৰবি ছাত্ৰ সন্থ ছেমছনে গোটে এক সংবাদমেলৰ আয়োজন কৰি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধীনৰ ১৯১গৰাকী টেট শিক্ষক আৰু ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষকসকল ক্রমে ১২ আৰু ১৫ মাহ ধবি দৰমহাৰ পৰা বঞ্চিত হৈ আছে বুলি অভিযোগ উত্থাপন কৰে ৷

মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিভিন্ন সময়ত বাজহুৱা ভাবে টেট শিক্ষকসকলৰ দৰমহাৰ বিষয়টো সমাধান হোৱা বুলি বক্তব্য প্রদান কৰি আহিছে যদিও ১৯১গৰাকী টেট শিক্ষকে বর্তমানলৈকে দৰমহাৰ পৰা বঞ্চিত হৈ আছে বুলি কয় কেএছএ নেতা ছনাচিং ৰংপিয়ে ৷
এই সন্দর্ভত আজি কার্বি ছাত্র সন্থাৰ ছেমছন গোটে এখন সংবাদমেলযোগে তীব্র ক্ষোভ উজাৰে। সংবাদমেলযোগে ছাত্র সংগঠনটোৱে কয় যে, বিজেপি নেতৃত্বাধীন কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদে ত্রীপুল ইঞ্জিনৰ চৰকাৰৰ দিনত জিলাখনৰ শিক্ষাখণ্ডত অভূতপূর্ব উন্নয়ন সাধন হৈছে বুলি দাবী কৰি অহাৰ বিপৰীতে পৰিষদৰ অধীনৰ ১৯১গৰাকী টেট শিক্ষক আৰু ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষক বিগত ১৫ মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ থকা কথাটোৱে জিলাখনৰ শিক্ষাখণ্ডৰ দূৰৱস্থা উদঙাই দিয়া বুলি দাবী কৰিছে।
ছাত্র সংগঠনটোৱে সংবাদমেলযোগে কয় যে, শিক্ষকসকল যদি দৰমহাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হয় তেনেহ’লে তেওঁলোকে ছাত্র-ছাত্রীক কিদৰে পাঠদান কৰিবলৈ সক্ষম হ’ব। কাৰণ, শিক্ষকসকলৰো পৰিয়াল আছে। গতিকে শিক্ষকসকল এইদৰে দীর্ঘদিন ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ থাকিলে কিদৰে ছাত্র-ছাত্রীক পাঠদান কবিবলৈ সক্ষম হ’ব বুলি প্রশ্ন কৰে।
বিজেপি নেতৃত্বাধীন পৰিষদখনে মেলে-মিটিঙে আমুল পৰিবর্তন হোৱা বুলি দাবী কৰি অহাৰ কথা উল্লেখ কৰি ছাত্র সংগঠনটোৱে কয় যে শিক্ষাখণ্ডত এইদৰে শিক্ষকসকলক মাহ মাহ ধৰি বেতন দিব নোৱাৰা কথাই তেওঁলোকৰ পৰিবর্তনৰ স্বৰূপ উদঙাই দিয়া বুলি উল্লেখ কৰি সংগঠনটোৱে ইয়াৰ তীব্র গৰিহণা দিয়ে। শিক্ষা অবিহনে এখন সমাজ বা এটা জাতি আগুৱাই যাব নোবাৰে বুলি উল্লেখ কৰি দীর্ঘদিন ধৰি জিলাখনৰ শিক্ষক চাম এনেদৰে দৰমহাৰ পৰা বঞ্চিত হৈ থকাব বিৰূদ্ধে তীব্র ক্ষোভ ব্যক্ত কৰে ছাত্র সংগঠনটোয়ে।
কিছুদিন পূর্বে গীলছন ডেৰা নামৰ এগৰাকী দৰমহা বঞ্চিত টেট শিক্ষকে কৰুণভাবে প্রাণ বিসর্জন দিব লগীয়া প্রসংগ উল্লেখ কৰি কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদক অতি শীঘ্রে বিষয়টো সমাধান কৰিবলৈ আহ্বান জনায়। অন্যথা ছাত্র সংগঠনটোরে তীব্র আন্দোলনৰ হুংকাৰ দিয়ে।













