
শণিবাৰে ডিফুস্থিত জিলা প্ৰেছ ক্লাৱত (Diphu District Press Club) এক সংবাদমেল আয়োজন কৰি এবিভিপিৰ কাৰবি আংলং জিলা সমিতিৰ সমন্বয়ক জিৰচং ইংলেঙে ১২ ফেব্ৰুৱাৰীত ডিফুত অনুষ্ঠত হব লগীয়া এবিভিপিৰ ৰাজ্যিক সন্মিলন সন্দৰ্ভত অৱগত কৰে ৷

“বঢ়েগা জনজাতি বঢ়েগা অছম” থীম হিছাপে লৈ অনুষ্ঠিত হব লগীয়া সন্মিলনখনত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে এবিভিপিৰ জিলা সমন্বয়ক জিৰছং ইংলেঙে ৷

উক্ত সন্মিলনত মুখ্য অতিথি হিছাপে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, বিশিষ্ট অতিথি এনএছএছৰ প্ৰাক্তন আঞ্চলিক সঞ্চালক সুনিল বসুমতাৰী, বিশেষ অতিথি এবিভিপিৰ ৰাষ্ট্ৰীয় সচিব বুদ্ধদেৱ বাঘ, অভ্যৰ্থনা সমিতিৰ সভাপতি সুবিদ দত্ত, সাধাৰণ সম্পাদক ডঃ পংকজ টেৰণ আৰু আমন্ত্ৰিত অতিথি হিছাপে এবিভিপিৰ ৰাজ্যিক সভাপতি, সম্পাদক ক্ৰমে, ৰিতামণি বৈশ্য আৰু হেৰল্ড মোহন উপস্থিত থাকিব বুলি সংবাদমেলত জানিবলৈ দিয়ে সমন্বয়ক জিৰছং ইংলেঙে ৷













