
শনিবাৰে পুৱা প্ৰায় ১১ মান বজাত মদ্যপান কৰি গাড়ী চলোৱা চালকসকলৰ ওপৰত ডিফুত এক বাটৰ নাট প্ৰদৰ্শন (Street play performance in Diphu) কৰা হয় ৷ বোকাজান মহকুমাৰ শুকানজান (Sukjan of Bokajan sub-division) তিনিআলিত জিলা পৰিবহন বিষয়া ৰাজীৱ পেগুৰ উপস্থিতিত বিশিষ্ট অভিনেতা ৰাজীৱ ক্ৰ’ (Actor Rajeev Crowe) আৰু সংগীবৃন্দৰ অভিনিত বাটৰ নাট প্ৰদৰ্শন কৰা হয়৷
জিলা পথ সুৰক্ষা (Road Safety) সমিতিৰ উদ্যোগত জিলা পৰিবহন বিষয়া ৰাজীৱ পেগুৰ পৰিচালনাত অনুষ্ঠিত হোৱা বাটৰ নাটত অভিনেতা ৰাজীৱ ক্ৰ’ আৰু তেওঁৰ সংগী বৃন্দই মদ্যপান কৰি গাড়ী চলালে ভয়ানক দুৰ্ঘটনা সংঘটিত হোৱাৰ ওপৰত সুন্দৰ অভিনয় কৰি উপস্থিত চালক আৰু সাধাৰণ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হয়৷

জিলাখনত বৃদ্ধি পাই অহা দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আৰু বিভিন্ন এন জি অ’ আৰু সংবাদ মাধ্যমৰ জৰিয়তে বিদ্যালয়সমূহত সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়৷
ইয়াৰোপৰি দুৰ্ঘটনা প্ৰৱণ এলেকাসমূহ ব্লেক স্পট হিছাপে চিহ্নিত কৰি সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ মদ্যপান কৰি গাড়ী চলাই চালকসকলক নিজৰ লগতে যাত্ৰীসকলৰ জীৱন বিপদাপন্ন নকৰিবলৈ অনুৰোধ জনায় পৰিবহন বিষয়া ৰাজীৱ পেগুৱে৷ পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ জিলা পৰিবহন বিভাগ আৰু আৰক্ষী প্ৰশাসনে চালক মদাহী চালক টেষ্ট কৰি থকা বুলিও জানিবলৈ দিছে৷












