শুকুৰবাৰে সন্ধিয়া ৬ মান বজাত ডিফু কেএছএ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি অসম বিশ্ব বিদ্যালয় (Assam University) ডিফু চৌহদৰ নিৰ্বাচনত কেএছএ ইংলংফ’ গোটৰ বৃহৎ সন্দৰ্ভত অৱগত কৰে ৷

নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক জিৰচং তিমুঙে সংবাদ মেল সম্বোধন কৰি কয় যে নিৰ্বাচনত বিশ্ব বিদ্যালয়খনৰ ৮ টা পদৰ বাবে কেএছএ ইংলংফ’ গোটে প্ৰাৰ্থীত্ব আগবঢ়াই ৬ টাত বিজয়ী হবলৈ সক্ষম হয় ৷ এটাত পৰাজিত হয় ৷ আন দলৰ পাছা ইংতি সভাপতি পদৰ বাবে নিৰ্বাচিত হয় ৷ নৱ নিৰ্বাচিত গোটটোৱে বিশ্ব বিদ্যালয়খনৰ বিশুদ্ধ খোৱা পানী, বাছ, পৰ্যাপ্ত ফেকাল্টিকে ধৰি অনান্য সমস্যা সমাধানত গুৰুত্ব প্ৰদান কৰিব বুলি কয় জিৰচং তিমুঙে ৷
কেএছইংলংফ’ গোটে বিজয়ী হোৱা পদ সমূহ ক্ৰমে, সাধাৰণ সম্পাদক জিৰচং তিমুঙ, মহিলা সংৰক্ষণৰ সহকাৰী সম্পাদিকালছেৰদিহুন তিমুঙপী, অপেন কেটাগৰীৰ সহকাৰী সম্পাদক উত্তম টেৰণ, সাংস্কৃতিক সম্পাদক আংতং ক্ৰ’ , ৰাজনৈতিক বিজ্ঞানৰ কাউঞ্চিলৰ ডিমাছ টকবী, জীৱন বিজ্ঞানৰ কাউঞ্চিলৰ মিৰলং তিমুঙ আৰু মানৱ বিজ্ঞানৰ কাউঞ্চিলৰ পদত বিজয়ী হয় আকিৰচন টেৰণ ৷