লোকসভা নিৰ্বাচন (Lok Sabha Election)ৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে । আনহাতে, বিজেপি নেতৃত্বাধীন এনডিএক ৰুধিবলৈ ইণ্ডিয়া মিত্ৰজোঁট গঠিত হৈছে। কিন্তু এই ইণ্ডিয়া মিত্ৰজোঁটৰ অংশদীৰ দলসমূহৰ মাজত শেহতীয়াভাৱে সমন্বয়হীনতা পৰিলক্ষিত হৈছে । বিহাৰত নীতিশ কুমাৰৰ ইণ্ডিয়া এৰি এনডিএত যোগদানৰ বিপৰীতে উত্তৰ প্ৰদেশত অখিলেশ যাদৱে নিজ দলৰ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। একেদৰে পশ্চিমবংগত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে ৰাজ্যখনত কোনো ধৰণৰ মিত্ৰতা নকৰে বুলি ঘোষণা কৰিছে।
আনহাতে, পঞ্জাবতো আম আদমি পাৰ্টীয়ে (Aam Aadmi Party) নিজাববীয়া প্ৰাৰ্থী প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। এইবাৰ অসমৰ বাবেও আপে নিজৰ প্ৰাৰ্থী ঘোষণা (AAP announces its candidate in Assam) কৰিলে। বৃহস্পতিবাৰে দিল্লীত এক সংবাদমেল ঘোষণা কৰি আপৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ সন্দীপ পাঠকে অসমৰ তিনিখন লোকসভা আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰে। এই আসনকেইখন হৈছে গুৱাহাটী, ডিব্ৰুগড় আৰু শোণিতপুৰ। ঘোষিত প্ৰাৰ্থী তালিকা অনুসৰি, গুৱাহাটী লোকসভা সমষ্টিত আপৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে আপ অসমৰ মুখ্য আহ্বায়ক ডাঃ ভৱোন চৌধুৰীক। আনহাতে, ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে মনোজ ধানোৱাৰক। লগতে শোণিতপুৰ লোকসভা সমষ্টিত ঋষিৰাজ কৌন্দিন্যক লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আপে৷