
কাৰবি আংলং জিলাৰ উত্তৰ বৰবিল আৰু পশ্চিম কাৰবি আংলং জিলাৰ খেৰণিত ভেলেজ গেজিং ৰিজাৰ্ভ (Valez Gasing Reserve) আৰু প্ৰফেচনেল গেজিং ৰিজাৰ্ভত (Professional Gasing Reserve) বসবাস কৰি থকা (Living) লোকসকলক উচ্ছেদৰ দাবী (Demand for eviction of people) জনাইছে এ এছ ডি চি দলৰ য়ুথ ফ্ৰন্ট (Youth Front of ASDC) আৰু কাৰবি ছাত্ৰ সন্হা (Karbi Student Union)ই ৷ আজি ডিফুৰ এ এছ ডি চি দলৰ কাৰ্যলয়ত সংগঠন দুটাৰ যুৱ নেতা য়ুথ ফ্ৰন্টৰ বিত্ত সম্পাদক গুলচন ৰংফাৰ, প্ৰচাৰ সচিব লিপচন ক্ৰ আৰু কাৰবি ছাত্ৰ উপ-সভাপতি মণ্ডল ইংহি আৰু মণিৰাম টেৰণ কংকাতে এখন সংবাদ মেল (Press Meet) সম্বোধন কৰে৷

তেওঁলোকে কয় যে ১৭ জানুৱাৰীত দেশৰ মহামান্য ৰাষ্ট্ৰপতি মহোদয়া কাৰবি যুৱ মহোৎসৱৰ সোণালী জয়ন্তীলৈ অহাৰ কথা আছিল ৷ কিন্তু বতৰৰ বিঘিণিৰ বাবে তেখেত আহিব নোৱাৰিলে ৷ কিন্তু ছিলঙত ৰাষ্ট্ৰপতি মহোদয়াক ৰচনাত্মক নুনিয়া সংযুক্ত সংঘই এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷ য’ত তেওঁলোকে খেৰণিৰ ভেলেজ গেজাং ৰিজাৰ্ভ আৰু উত্তৰ বৰবিলৰ প্ৰফেচনেল গেজিং ৰিজাৰ্ভত বসবাস কৰা লোক সকলক মাটিৰ অধিকাৰ দিয়াৰ দাবী কৰিছে ৷ সংগঠন দুটাই এই আবেদনৰ বিৰোধিতা কৰি এই দুই স্হানত জৰীপ কৰি কিমান মানুহে কিমান মাটি দখল কৰি আছে তাৰ তথ্য উলিয়াবলৈ কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদক আহবান জনায়৷ জৰীপ উলিয়াই তাত উচ্ছেদ চলোৱাৰ দাবী কৰে সংগঠন কেইটাই৷













