
২২ জানুৱাৰীত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ সামাজিক মাধ্যম (Social Media)ত প্ৰচাৰ হোৱা এটা বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডিফু শান্তিপাৰা (Santipara in Diphu)ৰ ছৰিফউদ্দিনৰ পুত্ৰ ছলমান উদ্দিনে (Salman Uddin) প্ৰভু শ্ৰীৰাম আৰু সীতাক উদ্দেশ্যি অশ্ৰাব্য মন্তব্য (Inaudible remarks aimed at Sriram and Sita) কৰে৷ ইয়াৰ পিছতে ডিফু চহৰত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷

এই সন্দৰ্ভত ডিফু আৰক্ষীয়ে ৬/২৪ নম্বৰত গোছৰ ৰুজো দি ভাৰতীয় দণ্ডবিধি আইনৰ কেইবাটাও ধাৰাৰ অধীনত আটক (Arrested) কৰে৷ আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷












