![]()
ছ‘চিয়েল মিডিয়াৰ (Social Media) জৰিয়তে বহু লোক জনপ্ৰিয় হোৱা পৰিলক্ষিত হৈছে। নিজৰ সুপ্ত প্ৰতিভা সমূহ সকলোৰে ওচৰত দেখুওৱাৰ অৰ্থে এক ভাল প্লেটফৰ্ম ৰূপে পৰিগণিত হৈছে ছ’চিয়েল মিডিয়া। কিছুমানে ছবি আঁকিছে, কিছুমানে নিজৰ গীতেৰে তথা একাংশই নৃত্য প্ৰদৰ্শন কৰি সকলোকে মনোৰঞ্জন কৰোৱাৰ লগতে আকৰ্ষিত কৰি আহিছে, নিজৰ অনুৰাগী কৰি তুলিবলৈ বাধ্য কৰিছে সকলোকে। আমি আজি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এগৰাকী আইতাৰ বিষয়েহে আপোনালোকক জনাবলৈ বিচাৰিছোঁ। ইনষ্টাগ্ৰামত (Instagram) আপুনি “Tikoni Aita” বুলি এবাৰ বিচাৰি চাওক, আপুনি তেওঁৰ প্ৰফাইলৰ গোটেই পষ্টবোৰ নোচোৱাকৈ যে উভতি আহিব নোৱাৰিব সেয়া নিশ্চিত। তেওঁৰ নাতিনীয়েকে তেওঁৰ দৈনিক নিত্যকৰ্ম সমূহ আবদ্ধ কৰি আপলোড কৰি আহিছে এই প্ৰফাইলত।

ডিব্ৰুগড়স্থিত (Dibrugarh) এই আইতা গৰাকীয়ে বৃদ্ধাৱস্থাতো ইমান বেছি সক্ৰিয় যে, সেই সক্ৰিয়তাই সকলোকে মুহিত কৰিবলৈ বাধ্য হৈ পৰে। ছ’চিয়েল মিডিয়াৰ ইতিবাচক অথবা নেতিবাচক ব্যৱহাৰ আমি সকলোৱে দেখিছোঁ কিন্তু এনেকুৱা একাংশ প্ৰফাইলে আমাৰ গোটেই দিনটো সুন্দৰ কৰি তোলে।
আইতাগৰাকীৰ প্ৰফাইলৰ কিছু আপডেট আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ-













