
ডিফুত ৭৫ সংখ্যক গণৰাজ্য দিৱস উলহ মালহেৰে পালন (75th Republic Day observed in Diphu) কৰা হয়। কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰঙহাঙে পতাকা উত্তোলন (Tuliram Ranghang hoists flag) কৰে৷

লগতে আৰক্ষী, অৰ্ধ সামৰিক বাহিনী, এনচিচি আৰু ছাত্ৰ-ছাত্ৰীৰ গাৰ্ড অফ অনাৰ গ্ৰহণ কৰে তুলিৰাম ৰংহাঙে।

ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন গণৰাজ্য দিৱস৷

বিভিন্ন সাংস্কৃতিক গোটৰ নৃত্য-গীতেৰে মুখৰিত দিৱসৰ কাৰ্যসূচী। পুৱাৰ ভাগত গান্ধী পাৰ্কত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলীৰে গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন।

শ্বহীদ তৰ্পন কৰে চিইএম তুলিৰাম ৰংহাঙ, সাংসদ হৰেণছিং, বিধায়ক বদ্যাছিং ইংলেং, দৰচিং ৰঙহাঙ আৰু গণ্যমান্য লোকে৷












