
ইউক্ৰেইনৰ যুদ্ধক্ষেত্ৰৰ পৰা যুদ্ধবন্দীক লৈ উভতি অহা ৰাছিয়াৰ এখন বিমান ইউক্ৰেইনত (Russian Army Flight Crashed) সীমান্ত পাৰ হোৱাৰ পূৰ্বে দুৰ্ঘটনাগ্ৰস্ত হয়। সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি, পাইলটসহ বিমানখনত পাঁচজন ক্ৰু মেম্বাৰ আছিল। আনহাতে, ৰাছিয়াৰ সেনাৰ তিনিজন প্ৰতিনিধি আৰু ৬৫ জন ইউক্ৰেইনৰ যুদ্ধবন্দী সৈনিক বিমানখনত আছিল।

বুধবাৰে এই আটাইকেইজনৰ সৈতে ৰাছিয়াৰ ইলিউছিন ২-৭৬ সামৰিক পৰিবহণ বিমানখন ইউক্ৰেইনৰ সীমান্তত দুৰ্ঘটনাগ্ৰস্ত হয়।এই দুৰ্ঘটনাত বিমানখনত থকা সকলোৰে মৃত্যুৰ আশংকা কৰা হৈছে।
ইতিমধ্যে বিমান দুৰ্ঘটনাৰ ভিডিঅ’ও পোহৰলৈ আহিছে। তাত দেখা গৈছে যে ৰাছিয়াৰ সামৰিক পৰিবহণ বিমানখন মাটিত সজোৰে ভাঙি পৰিছে। তাৰ অলপ সময়ৰ ভিতৰতে বিস্ফোৰণ ঘটে। আকাশত উৰি আছে এক বিশাল জুইশিখা। দুৰ্ঘটনাটোৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ইউক্ৰেইনৰ প্ৰশাসনে এই ঘটনাত কোনো জীয়াই থকাটো সম্ভৱ নহয় বুলি প্ৰকাশ কৰিছে। দুৰ্ঘটনাস্থলীলৈ উদ্ধাৰকাৰী দল প্ৰেৰণ কৰা হৈছে।
স্থানীয় বাতৰিৰ সূত্ৰ অনুসৰি, ৰাছিয়াই এই বন্দীসকলক লৈ ঘৰলৈ উভতি আহিছিল। তেওঁলোকৰ উদ্দেশ্য আছিল এই বন্দীসকলৰ বিনিময়ত তেওঁলোকে ইউক্ৰেইনৰ দ্বাৰা বন্দী ৰাছিয়ান সৈন্যৰ প্ৰত্যৰ্পণ কৰিবলৈ চুক্তি কৰিব। চুক্তি অনুসৰি দুয়োখন দেশৰ মাজত যুদ্ধবন্দীৰ আদান-প্ৰদান হ’ব। কিন্তু তাৰ পূৰ্বে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। অৱশ্যে এই বিমান দুৰ্ঘটনাৰ আঁৰত ইউক্ৰেইনৰ কোনো ক্ষেপণাস্ত্ৰ আক্ৰমণ হৈছে নেকি সেই বিষয়ে তদন্ত চলি আছে।










