ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (Indian Space Research Organisation)ই (ইছৰো) ২০২৫ চনত গগনযান উৎক্ষেপণ (Launch of Gaganyaan in 2025) কৰিব। এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে। এই মিছনৰ জৰিয়তে ৩ জন মহাকাশচাৰী (3 astronauts)য়ে ভূপৃষ্ঠৰ পৰা ৪০০ কিলোমিটাৰ ওপৰৰ কক্ষপথত ৩ দিন অতিবাহিত (3 days spent in orbit) কৰিব। তাৰ পিছত তেওঁলোকক সুৰক্ষিতভাৱে পৃথিৱীলৈ ঘূৰাই অনা হ’ব।
২০২৪ বৰ্ষটো ভাৰতীয় মহাকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি সিঙে কয় যে এই অভিযানে এই বছৰ কেইবাটাও পৰীক্ষা-নিৰীক্ষা চলাব। আনহাতে, গগনযানৰ মুখ্য অভিযানৰ পূৰ্বে ‘ভূ-মিত্ৰ’ নামৰ এটি মহিলা ৰবট মহাকাশলৈ প্ৰেৰণ কৰা হ’ব।