প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মহাকাশচাৰী (Narendra Modi Astronaut) হ’ব পাৰে নেকি? নাছাৰ মুৰব্বী বিল নেলছনক (NASA chief Bill Nelson) এই প্ৰশ্ন সোধাত তেওঁ উত্তৰত কয় যে মহাকাশলৈ গৈ সকলো চোৱাটো যিকোনো ৰাজনীতিবিদৰ বাবে এক বেলেগ অভিজ্ঞতা। মহাকাশত কোনো ৰাজনীতি নাই, কোনো ধৰ্ম নাই। নিজকে এনে লাগে যেন মই পৃথিৱীৰ বাসিন্দা।
ইয়াৰ উপৰি তেওঁ লগতে কয় যে ভাৰতে এতিয়া মহাকাশ বিজ্ঞানত বহুখিনি আগবাঢ়িছে। গতিকে নাছাই ভৱিষ্যতে ভাৰতৰ সৈতে কাম কৰিব। অদূৰ ভৱিষ্যতে এগৰাকী মহিলা মহাকাশচাৰীক চন্দ্ৰলৈ প্ৰেৰণ কৰাৰ কথা চিন্তা কৰিছে নাছাই। বিল নেলচনে কয় যে সেই কামৰ বাবে ভাৰতৰ সহায়ৰ প্ৰয়োজন হ’ব। ইছৰোৰ লগতে নাছাই কেইবাটাও নতুন প্ৰকল্প কৰিবলৈ ওলাইছে। ২০২৪ চনত শ্ৰীহৰিকোটাৰ পৰা জলবায়ু পৰিৱৰ্তন উপগ্ৰহ উৎক্ষেপণ কৰা হ’ব। নাছাৰ মুৰব্বী বিল নেলচনে লগতে কয় যে নাছাই ইছৰোৰ সৈতে একেলগে কাম কৰিব।