বিভিন্ন সময়ত বিভিন্ন কাৰ্যৰে সকলোকে আচৰিত কৰি ভাল পায় প্ৰধানমন্ত্ৰীয়ে (PM Modi)। এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল। লাক্ষাদ্বীপত সাগৰত সাঁতুৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তেওঁৰ সেই ছবি ছ’চিয়েল মিডিয়াত ধুমুহাৰ দৰে ভাইৰেল হৈ পৰে।
ফটোখন নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি তেওঁ কয় যে লাক্ষাদ্বীপলৈ যোৱাৰ পিছত তেওঁৰ এটা বেলেগ অনুভৱ হৈছে। এই ধৰণৰ অভিজ্ঞতা লাভ কৰি জীৱনটো যেন ধন্য। কোনোবাই যদি জীৱনত দুঃসাহসিক কাম বিচাৰে তেন্তে তেওঁ লাক্ষাদ্বীপলৈ যাব লাগে বুলিও কয় প্ৰধানমন্ত্ৰীয়ে।
প্ৰধানমন্ত্ৰীয়ে নিজৰ এক্স হেণ্ডেলত পানীৰ তলৰ জীৱন আৰু তাত থকা জীৱ-জন্তুৰ ছবিও শ্বেয়াৰ কৰে।