বহু বিতৰ্ক তথা প্ৰতিবাদকো নেওচি নতুন বছৰটোৰ প্ৰথম দিনটোত প্ৰস্তাৱিত নুনমাটি-দীঘলীপুখুৰী সংযোগী মণিৰাম দেৱান পথৰ ওপৰৰ উৰণ সেতুৰ শিলান্যাস (Foundation Stone of Nunmati-Dighalipukhuri flyover) কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই। উল্লেখযোগ্য যে এই উৰণ সেতুখনৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে ই ৰাজ্যৰ ভিতৰতে আটাইতকৈ দীঘল উৰণ সেতু হিচাপে পৰিগণিত হ’ব।
উৰণ সেতুখনৰ আধাৰশিলা স্থাপন কৰি এই উপলক্ষে আয়োজিত এক সভাত মুখ্যমন্ত্ৰীয়ে কয়, “গুৱাহাটী মহানগৰৰ যাতায়াত-যোগাযোগ ব্যৱস্থাত আন এক নতুন সংযোজন হৈছে দীঘলীপুখুৰী পাৰৰ পৰা নুনমাটি এফ চি আইলৈ গুৱাহাটীৰ দীৰ্ঘতম এই উৰণ সেতুখন। এই চাৰি লেনযুক্ত উৰণ সেতুৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত অঞ্চলটোৰ যান-জঁটৰ সমস্যা সমাধান হ’ব বুলি আশা কৰিছোঁ।”উল্লেখযোগ্য যে ৫,০৫৩.২০ মিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুৰ নিৰ্মাণ ব্যয় ৮৫২.৬৮ কোটি টকা ধাৰ্য কৰা হৈছে।