![]()
বৃহস্পতিবাৰে মুকলি হ’ল জুৰোডৰ (Zoo Road) ‘শ্ৰদ্ধাঞ্জলি উৰণ সেতু’ (Sradhanjli flyover)। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন (Chief Minister Dr. Himanta Biswa Sarma formally inaugurated) কৰে দুই কিলোমিটাৰতকৈও অধিক দৈৰ্ঘ্যৰ এই উৰণ সেতুখন।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে পূৰ্বতে প্ৰতিশ্ৰুতি দিছিল যে দুৰ্গা পূজাৰ মহা পঞ্চমীৰ দিনা ৰাইজৰ বাবে মুকলি কৰা হ’ব এই উৰণ সেতুখন। সেই অনুযায়ীয়ে আজি সন্ধিয়া ৫.১৫ বজাত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰে সেতুখন। এই উপলক্ষে মহানগৰীৰ বৃন্দাবন গাৰ্ডেনত এক অনুষ্ঠানৰ আয়োজন কৰা হয়।

উল্লেখযোগ্য যে উৰণ সেতুখনৰ মুঠ দৈৰ্ঘ্য হৈছে ২.২৮ কিলোমিটাৰ। ইয়াৰে ১.৯০ কিলোমিটাৰ আৰ জি বৰুৱা ৰোডৰ দিশে আৰু ৩৩০ মিটাৰ মাদাৰ টেৰেছা ৰোডৰ দিশে। ৰাজ্যিক স্বঅগ্ৰাধিকাৰ উন্নয়ন পুঁজি ২০২১-২২ৰ অধীনত মুঠ ৩১৬ কোটি ব্যয় সাপেক্ষে এই উৰণ সেতুখন নিৰ্মাণ কৰি উলিওৱা হৈছে। ইয়াৰ বাবে সময় লাগে ১৯ মাহ।












