ASSAM TIMES POST
সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিলৰ পাছত দীৰ্ঘ দিন ধৰি জম্মু আৰু কাশ্মীৰত কেন্দ্ৰই ইণ্টাৰনেট পৰিসেৱা বন্ধ ৰাখিছিল৷ ইয়াৰ পাছত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত দেশৰ বহু এলেকাত ইণ্টাৰনেট পৰিসেৱা বন্ধ ৰখা হয়৷ এনেদৰে ইণ্টাৰনেট পৰিসেৱা বন্ধ ৰখাত টেলিকম সংস্থাবোৰে প্ৰতি ঘণ্টাত ২. ৪৫ কোটি টকা ক্ষতি হৈছে বুলি দাবী কৰিছে সংশ্লিষ্ট উদ্যোগটোৰ সংগঠন চিঅ’এআইয়ে৷ আনহাতে টেলিকম উদ্যোগত চলিছে আৰ্থিক সংকটত৷ ইপিনে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত লাইঞ্চেচ মাচুলৰ বোজা আছেই৷ ভাৰতত মাহে গ্ৰাহকে গড়ে ৯.৮ জিবি ডাটা ব্যৱহাৰ হয় বুলি সমীক্ষাত দাবী কৰিছে ছুইডিছ সংস্থা এৰিছনেনে৷ এয়া হ’ল সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক৷ এই অৱস্থাত বিভিন্ন অঞ্চলত নেট পৰিসেৱা বন্ধ কৰাত অধিক সমস্যাত পৰিছে টেলি উদ্যোগ৷ চিঅ’এআইৰ ডিজি ৰাজন মেথুজে কয় যে ইতিমধ্যে পৰিসেৱা বন্ধ কৰাত ক্ষতিৰ অংক বাঢ়িছে৷ এনেদৰে নেট পৰিসেৱা বাঢ়িছে তাত আমাৰ হিচাপ মতে বছৰৰ শেষত এই ক্ষতিৰ অংক প্ৰায় ২.৪৫ কোটি টকা হ’বগৈ৷ তাকে বিষয়টো লৈ অধিক ক’ব বিচৰা নাই ভোডাফোন আইডিয়া, ভাৰতী এয়াৰটেল আৰু ৰিলায়েন্স জিঅ’ই৷













