
বৃহস্পতিবাৰে পুৱাৰ ভাগত বোকাজান (Bokajan) মহকুমাৰ খটখটী ৰে’লপথত এজন অচিনাক্ত যুৱকৰ ৰে’লে কটা মৃতদেহ উদ্ধাৰ (Body cut by train recovered) হোৱা ঘটনাই এলেকাটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ৰে’ল আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি আজি পুৱাৰ ভাগত নামনিমুৱা বিজি এক্সপ্ৰেছৰ খুন্দাত যুৱকজন মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷

যুৱকজনৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰি ৰে’ল আৰক্ষীয়ে খটখটীৰ সমীপৰ মইনীপুৰী ৰে’লপথৰ (Mainipuri Railway Line) পৰা যুৱকজনৰ ক্ষত-বিক্ষত মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ বাতৰি লিখা পৰলৈকে যুৱকজনৰ মৃতদেহটো চিনীক্তকৰণ হোৱা নাই৷ মৃতদেহটো কাৰ্যবাহী দণ্ডাধীশৰ হতুৱাই পৰীক্ষা কৰাৰ পিছত মৰণোত্তৰ পৰীক্ষা কৰি চিনাক্ত নোহোৱালৈকে ডিএমচিএইছৰ মৰ্গত সংৰক্ষণ ৰখা হ’ব বুলি ৰে’ল আৰক্ষীৰ সূত্ৰটোৱে জানিবলৈ দিয়ে৷













