
শুকুৰবাৰে দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিফুৰ প্ৰয়াত ছাৰচিং টেৰণ লাংকুং হাবে মেম’ৰিয়েল টাউন হলত হিল পিপুলছ কালচাৰেল ফ’ৰামৰ (Hill People Cultural Forum) অষ্টম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ প্ৰতিষ্ঠা দিৱসটিক ভাতৃত্ব দিৱস হিচাপে উদযাপন কৰিবলৈ টাউন হলত সমবৱেত হয় পাৰ্বত্য জিলাখনত বসবাস কৰা ২৬ টা জাতি-জনগোষ্ঠীৰ লোক ৷

২৬ টা জাতি -জনগোষ্ঠীৰ ঐক্যৱদ্ধ মঞ্চ হিল পিপুলছ কালচাৰেল ফ’ৰাম চমুকৈ এইছপিচিএফৰ সদস্য কৰ্মী সকলে নিজস্ব সাজ-পোছাক পৰিধান কৰি জাতি-জনগোষ্ঠী সমূহক প্ৰতিনিধিত্ব কৰা পৰিলক্ষিত হয় ৷
কাৰবি, ডিমাছা, ৰেংমা নাগা,কুকি,তিৱা,গাৰো, বড়ো,খাচী, মান তাই, মাৰ, আহোম,অসমীয়া,মেছ কছাৰী,ঠেঙাল কছাৰী, মিজো, চাকমা, ছাকাচেপ, ডুমৰা কাৰবি, গোৰ্খা,আদিবাসী, মেইটেই,বেংগলী , ভজপুৰী, শিখ সমাজ আৰু উড়িয়া জনগোষ্ঠী লোক সকলৰ অংশ গ্ৰহণেৰে প্ৰতিষ্ঠা দিৱস স্থলী সমন্বয়ৰ এক বৰ্ণিল প্ৰতিচ্ছবি প্ৰতিফলিত হয় ৷
এইছপিচিএফৰ অষ্টম প্ৰতিষ্ঠা দিৱসৰ আজিৰ কাৰ্যক্ৰমণিকা অনুসৰি পুৱাৰ ভাগত এইছ পিচিএফৰ অধ্যক্ষ লাইচান ইংলেঙে পতাকা উত্তোলন কৰাৰ পিছত শ্বহীদ তৰ্পণ কৰা হয় ৷ ইয়াৰ পিছত ডিফু চহৰৰ মাজেৰে ২৬ টা জাতি-জনগোষ্ঠীৰ লোকে নিজ নিজ কলা-কৃষ্টি আৰু সাজ-পাৰ পৰিধান কৰি বৰ্ণিল শোভাযাত্ৰা উলিয়ায় ৷

সন্ধিয়াৰ ভাগ়ত মুকলি সভাত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৷ মুখ্য অতিথিৰ ভাষণ প্ৰসংগত তুলিৰাম ৰংহাঙে কয়যে, কাৰবি আংলঙত উগ্ৰপন্থী সমস্যা সমাধান হোৱাৰ লগে লগে শান্তিৰ বাতাবৰণ সৃষ্টি হৈছে লগতে জনগোষ্ঠীয় সংঘাতো নোহোৱা হৈছে ৷ এইছপিচিএফৰ দৰে মঞ্চ থাকিলে জিলাখনত সকলো জাতি-জনগোষ্ঠীৰে একতাৰে বসবাস কৰিবলৈ সহায়ক হব ৷
এইছপিচিএফৰ বাবে পৰিষদে পূৰ্বৰ ৫ লাখ টকাৰ ঠাইত ১০ লাখ টকাৰ বছৰি অনুদান প্ৰদান কৰিব বুলি কয় ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এইছপিচিএফৰ সচিব প্ৰধান ধিৰাজ ডিফুচাই কয়যে, পাহাৰীয়া জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ স্বকীয় ভাষা, কলা-কৃষ্টি সংস্কৃতি, পৰম্পৰা আদি ঐক্যৱদ্ধ ভাবে প্ৰতিফলিত কৰিবলৈ এইছপিচিএফ গঠন হৈছে ৷ জিলাখনৰ শান্তি-ভাতৃত্ব আৰু সকলো জাতি জনগোষ্ঠীৰ প্ৰগতিৰ বাবে এইছপিচিএফ গঠন কৰা হৈছে ৷
এইছপিচিএফৰ অধ্যক্ষ লাইচান ইংলেঙে সাংবাদিকৰ আগত কয়যে, পাহাৰীয়া জিলাত বিভিন্ন জাতি-জনগোষ্ঠীৰ ঐক্যৱদ্ধ মঞ্চৰ জৰিয়তে ইটো জাতি-জনগোষ্ঠী আনটো জাতি- জনগোষ্ঠীৰ ভাষা, কলা-কৃষ্টি সংস্কৃতি আদান প্ৰদান কৰিবলৈ এই মঞ্চ গঠন হৈছে ৷ সন্ধিয়াৰ ভাগত সাংস্কৃতিক কাৰ্যসূচীৰে দিনযোৰা কাৰ্যসূচীৰ সামৰণি পৰিব।













