মিজোৰামৰ ৰাজনৈতিক ইতিহাসত এইবাৰ সৃষ্টি হৈছে অভিলেখ। প্ৰথমবাৰৰ বাবে মিজোৰামৰ শাসনৰ বাঘজৰী হাতত লৈছে জোৰাম পিপ’লছ মভমেণ্ট (Zoram People’s Movement) চমুকৈ জেদ পি এমে (ZPM)। কিন্তু তাৰ উপৰি আন এক কাৰণত এইবাৰ দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দুত আছে মিজোৰাম বিধানসভাৰ নিৰ্বাচনৰ ফলাফল। এই চৰ্চাৰ কাৰণ হৈছে এগৰাকী বিধায়িকা। এইগৰাকী অপৰূপ সৌন্দৰ্যৰ অধিকাৰী বিধায়িকাই সৃষ্টি কৰিছে মিজোৰামৰ ৰাজনীতিত ইতিহাস। তেওঁ হৈছে বেৰিল ভান্নেইছাংগী l
আইজল দক্ষিণ-তৃতীয় সমষ্টিৰ পৰা জয়লাভ কৰিছে বেৰিল ভান্নেইছাংগীয়ে (Beryl Vanneisangi wins Aizawl South-III constituency)। কেৱল সিমানেই নহয়, তেওঁ হৈছে ৰাজ্যখনৰ আটাইতকৈ কম বয়সীয়া মহিলা বিধায়ক। জোৰাম পিপলছ মুভমেণ্টৰ সদস্য বেৰিলে মিজো নেচনেল ফ্ৰণ্টৰ প্ৰাৰ্থী এফ লালনুনমাৱিয়াক ৯,৩৭০টা ভোটত পৰাস্ত কৰে। লগে লগে মিজোৰাম বিধানসভাৰ কনিষ্ঠতম বিধায়ক হিচাপে পৰিগণিত হয় বেৰিল ভান্নেইছাংগী। বয়স তেওঁৰ মাত্ৰ ৩২ বছৰ। কিন্তু কোন এইগৰাকী বেৰিল ভান্নেইছাংগী? জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন।
নিৰ্বাচন আয়োগক দিয়া শপতনামা অনুসৰি, ইয়াৰ পূৰ্বে বেৰিলে আইজল পৌৰ নিগমৰ কৰ্পৰেটৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ হৈছে মেঘালয়ৰ শ্বিলঙৰ নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ স্নাতকোত্তৰ। বেৰিলে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল এগৰাকী বিখ্যাত টিভি এংকৰ হিচাপে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামতো যথেষ্ট জনপ্ৰিয় তেওঁ। ইনষ্টাগ্ৰামত তেওঁৰ ২৫১ হাজাৰৰো অধিক ফল’ৱাৰ আছে।
মিজোৰামৰ শেহতীয়া বিধানসভা নিৰ্বাচনত জোৰাম পিপলছ মুভমেণ্টে ৪০খন আসনৰ ভিতৰত ২৭খনত জয়লাভ কৰে। এই নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতাৰে মিজো নেচনেল ফ্ৰণ্টক উৎখাত কৰি ক্ষমতাৰ যুঁজত এক উল্লেখযোগ্য পৰিৱৰ্তন ঘটায় জেদ পি এমে। ইয়াৰে অন্যতম উল্লেখযোগ্য বিজয়ী হৈছে বেৰিল ভান্নেইছাংগী।
আনহাতে, নিৰ্বাচন আয়োগক দিয়া শপতনামা অনুসৰি, তেওঁৰ বিৰুদ্ধে কোনো অপৰাধজনিত গোচৰ নাই। মিজোৰামৰ এইবাৰৰ নিৰ্বাচন আন এক কাৰণত ঐতিহাসিক। কাৰণ প্ৰথমবাৰৰ বাবে তিনিগৰাকী মহিলা প্ৰাৰ্থীয়ে বিধানসভালৈ যোগ্যতা অর্জন কৰিছে। তেওঁলোক হৈছে জেদ পি এমৰ বেৰিল ভান্নেইছাংগী আৰু লালৰিনপুইই আৰু এম এন এফৰ প্ৰভা চাকমা।