মাতৃ মানেই মমতাময়ী, জীৱনদায়িনি। কিন্তু ত্ৰিপুৰাৰ এগৰাকী মাতৃয়ে এগৰাকী সাংবাদিকৰ জীৱন লোৱাৰ কাৰক হৈ পৰিছে! ত্ৰিপুৰাৰ (In Tripura) এগৰাকী সাংবাদিকে চলন্ত ৰে’লৰ আগত পৰি আত্মহত্যা (Journalist commits suicide in front of a moving train) কৰে। লগতে ছুইচাইড নোটত লিখি থৈ যায়, “মোৰ মৃত্যুৰ বাবে মোৰ মা দায়ী!” তেওঁৰ নাম পৃথ্বিচ দত্ত, (Prithvis Dutta) বয়স ৩৬ বছৰ।
মঙলবাৰে পুৱা ৯ বজাত দক্ষিণ ত্ৰিপুৰা জিলাৰ বিলনিয়া মানুৰ মুখত সংঘটিত হয় এই ঘটনা। ৰক্তাক্ত অৱস্থাত পৃথ্বিচক আগৰতলা জি বি হাস্পতাললৈ নিয়াৰ পথত তেওঁৰ মৃত্যু হয়। জানিব পৰা মতে, পাৰিবাৰিক অস্থিৰতাৰ বাবে পৃথ্বীচ কেইবাবছৰ ধৰি নিচাত আসক্ত হৈ আছিল। পত্নীৰ সৈতে বিবাহ বিচ্ছেদৰ গোচৰ চলি আছিল। স্থানীয় ৰাইজে জনোৱা মতে, বহু বছৰৰ পূৰ্বে তেওঁৰ এগৰাকী অবিবাহিত বায়েকেও ঘৰুৱা অশান্তিৰ বাবে আত্মহত্যা কৰিছিল।