
২০১৮ চনত তেওঁ মিজোৰামত দুটা দশকৰ দ্বিমুখী ৰাজনীতিৰ পৰম্পৰা ভংগ কৰিছিল। কংগ্ৰেছক তৃতীয় স্থানলৈ অৱনমিত কৰি তেওঁ বিৰোধী দলৰ নেতাৰ আসন দখল কৰে। এইবাৰৰ বিধানসভা নিৰ্বাচনত শাসকীয় মিজো নেচনেল ফ্ৰণ্টক পৰাস্ত কৰি মিজোৰামৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী (Next Chief Minister of Mizoram) হ’বলৈ সাজু হৈছে জোৰাম পিপলছ মুভমেণ্টৰ নেতা লালডুহোমা (Lalduhoma, leader of the Zoram People’s Movement)।
সোমবাৰে পুৱাৰে পৰা আৰম্ভ হোৱা ভোট গণনাৰ ধাৰাই যি নিৰ্দেশ কৰিছিল সেয়া দুপৰীয়ালৈকে স্পষ্ট হৈ পৰে। স্পষ্ট হয় যে প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দেহৰক্ষীৰ প্ৰাক্তন মুৰব্বী লালডুহোমা (Lalduhoma, former head of Prime Minister Indira Gandhi’s bodyguards) দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে আইজলৰ মচনদত বহিবলৈ গৈ আছে। ৪০ খন আসনৰ মিজোৰাম বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে যাদুকৰী সংখ্যা ২১।
জেড পি এমে ২৭ খনত জয়লাভ (ZPM wins 27) কৰে। আনহাতে, বিদায়ী মুখ্যমন্ত্ৰী জোৰামথাংগাৰ দল এম এন এফে ৯খন আসন লাভ কৰাৰ বিপৰীতে এখনত আগুৱাই আছে। বিজেপিয়ে ২খন আৰু কংগ্ৰেছে এখন আসনত জয়লাভ কৰে।

আশীৰ দশকত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্বত আছিল আই পি এছ বিষয়া লালডুহোমা (IPS officer Lalduhoma)। ১৯৮২ চনত অসমৰ পৰা দিল্লীলৈ বদলি হৈ ইন্দিৰাৰ নিৰাপত্তাৰক্ষীৰ দায়িত্ব লৈছিল তেওঁ। ইন্দিৰাই জানিব পাৰিছিল যে ১৯৭৭ চনত আই পি এছ বিষয়া হোৱাৰ পূৰ্বে তেওঁ ৰাজ্যিক প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে মিজোৰামৰ প্ৰথম মুখ্যমন্ত্ৰী চি চুঙৰ সহায়ক আছিল। লালডুহোমাৰ ৰাজনৈতিক জ্ঞান দেখি ইন্দিৰাই ১৯৮৪ চনত পুনৰ তেওঁক মিজোৰামলৈ পঠিয়াই দিয়ে।
লালডুহোমাই আৰক্ষী সেৱাৰ পৰা পদত্যাগ কৰি লোকসভাৰ সদস্য হয়। ৰাজ্যৰ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বও লাভ কৰে।আনহাতে, ৰাজীৱ গান্ধীৰ কাৰ্যকালত লালডেংগা নেতৃত্বাধীন বিদ্ৰোহীৰ সৈতে হোৱা ঐতিহাসিক মিজো চুক্তিৰ জৰিয়তে উত্তৰ-পূবৰ ৰাজ্যখনলৈ শান্তি অনাত তেওঁ যথেষ্ট সহায় কৰিছিল। উল্লেখযোগ্য যে জোৰামথাংগা সেই সময়ত মিজো বিদ্ৰোহীৰ অন্যতম নেতা আছিল। শান্তি চুক্তিৰ পিছতে মিজোৰামৰ মুখ্যমন্ত্ৰী হৈছিল লালডেংগা।













