
নাগালেণ্ডত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে পৰম্পৰাগত হৰ্ণবিল উৎসৱ (Hornbill Festival begins in Nagaland)। এইবাৰ আমেৰিকা, জাৰ্মানী আৰু কলম্বিয়াই এই উৎসৱত যোগদান (America, Germany and Colombia join the festival) কৰিছে। অংশীদাৰ ৰাজ্য হিচাপে আছে অসম। গৱৰ্ণৰ লা গনেছন আৰু মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই পৰম্পৰাগত সংগীত বজাই আনুষ্ঠানিকভাৱে এই উৎসৱ উদ্বোধন কৰে।

উদ্বোধনী অনুষ্ঠানত ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত এৰিক গাৰ্চেট্টি, ব্ৰিটিছ ৰাষ্ট্ৰদূত এলেক্স এলিছ, কলম্বিয়াৰ ৰাষ্ট্ৰদূত ভিক্টৰ একেভেৰী জাৰামিলো আৰু কলকাতাত থকা জাৰ্মানীৰ কনছুল জেনেৰেল বাৰ্বাৰা ভছ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।

১০ দিনীয়া এই মহোৎসৱত (10-day festival) নাগালেণ্ডৰ সকলো জনগোষ্ঠীৰ সংস্কৃতি আৰু পৰম্পৰাক প্ৰতিফলিত কৰা হ’ব।













