
পূৰ্বে ঘোষিত অনুসৰি দেশৰ ৫ ৰাজ্যৰ পৰিৱৰ্তে চাৰিখন ৰাজ্যৰহে ভোটগণনা ৩ ডিচেম্বৰত অনুষ্ঠিত হ’ব। মিজোৰামত ৩ তাৰিখে নহয় ভোটগণনা (Mizoram Election)। শুকুৰবাৰে নিৰ্বাচন আয়োগে জনোৱা মতে, মিজোৰামত ৪ ডিচেম্বৰ অৰ্থাৎ সোমবাৰে ভোটগণনা হ’ব।

জানিব পৰা মতে, মিজোৰামৰ বিভিন্ন সংগঠন আৰু ৰাজনৈতিক দলে ভোটগণনাৰ দিন সলনি কৰিবলৈ অনুৰোধ জনাইছিল। উক্ত আবেদনৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে এক বিবৃতিত আয়োগে কয় যে দেওবাৰ মিজোৰামৰ জনসাধাৰণৰ বাবে এক বিশেষ দিন। সেই বাবেই ৰাজ্যৰ বিভিন্ন দল-সংগঠনে ভোটগণনাৰ দিন সলনি কৰিবলৈ অনুৰোধ জনায়।
সেয়ে ৪ ডিচেম্বৰ সোমবাৰে মিজোৰামৰ নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পিছত ফলাফলৰ তাৰিখ সন্দৰ্ভত আয়োগৰ সৈতে মিজো নাগৰিক সংগঠন বৈঠকত মিলিত হৈছিল। তাৰেই পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে ৰাজ্যখনৰ বাবে ভোটগণনাৰ নতুন দিন ঘোষণা কৰে।













