
ড্ৰাগছ বিৰোধী অভিযানত (Drugs mission) কাছাৰ আৰক্ষীৰ সফলতা।এক গোপন তথ্যৰ ওপৰত ভিত্তি কৰি কাছাৰ আৰক্ষীয়ে চলোৱা অভিযানত এই সফলতা আহিছে।প্ৰাপ্ত তথ্য মতে, কাছাৰ আৰক্ষীয়ে জিলাখনত চলাই থকা ড্ৰাগছ বিৰোধী অভিযানৰ অংশ স্বৰূপে লাভ কৰা গোপন তথ্যৰ ভিত্তিত শিলচৰত অভিযান চলায়।

এই নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযানত ৫০ হাজাৰ য়াবা টেবলেটৰ সৈতে এজন লোকক কৰায়ত্ত কৰে। আৰক্ষী সূত্ৰ মতে, এই সামগ্ৰীখিনি এখন চুবুৰীয়া ৰাজ্যৰ পৰা সৰবৰাহ কৰা হৈছিল। ইতিমধ্যে অধিক অনুসন্ধানৰ বাবে আটক কৰা লোকজনক সোধাপোছা কৰা হৈছে।













