![]()
ভাৰতীয় ক্ৰিকেটৰ এগৰাকী উদীয়মান তাৰকা হৈছে শুভমন গিল (Crickter Shubman Gill)। আন এগৰাকী কিংবদন্তি শচীন তেণ্ডুলকাৰৰ কন্যা হৈছে চাৰা তেণ্ডুলকাৰ (Sara Tendulkar)। ক্ৰিকেট খেলপথাৰৰ পৰা আৰম্ভ কৰি মনোৰঞ্জনৰ জগতলৈকে- সকলোতে এতিয়া এই দুগৰাকীক লৈ চর্চা। সেয়া হৈছে শচীন-কন্যা চাৰা আৰু শুভমনৰ প্ৰেম (Love of Sara and Shubhaman)। চাৰাই শুভমনৰ খেল চাবলৈ যায়, ছচিয়েল মিডিয়াত ইজনে সিজনৰ ছবিত মন্তব্য কৰে। শুভমনৰ খেলৰ সময়ত চাৰাৰ মুখৰ অভিব্যক্তি সলনি হয়। ইমান দিনে খেলপথাৰত বা বলীউড পাৰ্টিৰ আঁৰত চলি আছিল প্ৰেমৰ আখৰা। কিন্তু চাৰা-শুভমনৰ এইবাৰ বিয়া (Sara-Shubhaman’s wedding) হ’বলৈ গৈ আছে! আন এগৰাকী খেলুৱৈয়ে এই পৰিকল্পনা ফাদিল কৰিছে।

চাৰা-শুভমনৰ সম্পৰ্ক গভীৰ হ’বলৈ গৈ আছে, দুয়োৱে আৰু এখোজ আগবাঢ়িব ওলাইছে। যদিও সঁচাকৈয়ে চাৰা-শুভমন প্ৰেমত পৰিছে, তথাপিও কোনেও এই বিষয়ে মুকলিকৈ একো কোৱা নাই। শুভমন-চাৰা যিমানেই লুকাই নাথাকক কিয়, এইবাৰ তেওঁলোকৰ গোপন কথা উদঙাই দিছে সংযুক্ত আমিৰশ্বাহী খেলুৱৈসকলে। এক সাক্ষাৎকাৰত চিৰাগ ছুৰীক সোধা হৈছিল যে পৰৱৰ্তী সময়ত কোনজন ভাৰতীয় ক্ৰিকেট তাৰকাই বিয়া কৰাব। তেতিয়া ছুৰীয়ে কয়, “মই ভাবো শুভমনে বিয়া পাতিব। চাৰা নামৰ এগৰাকী প্ৰেমিকাও আছে। ভাৰতীয় কিংবদন্তি তাৰকা শচীনৰ কন্যা।” ডুবাইৰ এই খেলুৱৈগৰাকীৰ এই মন্তব্যৰ পিছতেই অৱশ্যে শুভমনে তেওঁক ইনষ্টাগ্ৰামৰ পৰা আনফ’ল’ কৰে।













