![]()
মণিপুৰত (In Manipur) দুগৰাকী ছাত্ৰ অবিনাশ মাইবাম আৰু এন এণ্টনীৰ নিৰুদ্দেশৰ গোচৰত (Missing case) এল চংলাই আৰু এছ হাংসিং নামৰ দুজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ (Two suspects arrested) কৰিছে আৰক্ষীয়ে। এই ঘটনাৰ আঁৰত কুকি বিপ্লৱী সেনা থকা বুলি দাবী কৰিছে আৰক্ষীয়ে। কিন্তু কে আৰ এৰ বিবৃতিত স্পষ্ট কৰি দিয়া হৈছে যে যুৱক দুজনক অপহৰণ কৰাত তেওঁলোক জড়িত নহয়। আদালতে অভিযুক্তক ১৭ নৱেম্বৰলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।
মণিপুৰৰ পশ্চিম ইম্ফলত মঙলবাৰে কাংচুপ অঞ্চলত এটা কুকি পৰিয়ালক আক্ৰমণ কৰি চাৰিজন লোকক অপহৰণ কৰাৰ লগতে ২ জন আৰক্ষী জোৱানসহ ১১ জন লোক আহত হয় যাৰ ফলত কুকি অঞ্চলৰ পৰা মেইটেইসকলৰ ওপৰত গুলীচালনা কৰা হয়। কুকিৰ দাবী, কাংচুপ কাণ্ডই প্ৰমাণ কৰিলে যে ৰাজ্যত কুকীসকলৰ কোনো নিৰাপত্তা নাই। চুৰাচান্দপুৰৰ পৰা লেইমাখংলৈ গৈ আছিল অপহৃতকেইজন।

মেইটেইসকলে যুটীয়া সশস্ত্ৰ বাহিনীৰ তালাচী চকীলৈ আহি ৫ জন লোকক প্ৰহাৰ কৰে। এজন লোক কেনেবাকৈ পলাই যায়। পিছত সেনাই অপহৃতসকলৰ মাজত মংগলুন হাওকিপক অচেতন অৱস্থাত উদ্ধাৰ কৰি হেলিকপ্টাৰেৰে ডিমাপুৰৰ চিকিৎসালয়লৈ লৈ যায়। পিছত তেওঁক পুনৰ হেলিকপ্টাৰেৰে গুৱাহাটী সেনা চিকিৎসালয়লৈ অনা হয়। পৰিস্থিতি অতি সংকটজনক। বাকী দুটা দম্পতী এতিয়াও সন্ধানহীন হৈ আছে।
মণিপুৰত সংঘটিত আই ই ডি বিস্ফোৰণৰ তদন্তৰ দায়িত্ব দিয়া হৈছিল এনআইএক। উক্ত তদন্তৰ ভিত্তিত তেওঁলোকে জম্মুত এক বিশেষ অভিযান চলাইছিল। বুধবাৰে তাত ধৰা পৰে ম্যানমাৰৰ জাফেৰ আলম নামৰ ৰোহিংগীয়া বাসিন্দা এজন। যিহেতু মণিপুৰৰ নগা অধ্যুষিত অঞ্চলত কোনো ধৰণৰ সংঘৰ্ষ হোৱা নাই, সেয়েহে ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি উক্ত জিলাসমূহত মোবাইল ইণ্টাৰনেট প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ (Decision to introduce mobile internet) কৰে। উখৰুল, চাণ্ডেল, তামেংলং আৰু সেনাপতি জিলাত ইণ্টাৰনেট মুকলি কৰা হʼব বুলি ৰাজ্যৰ পৰিবহণ মন্ত্ৰী খাছিম বসুমে জানিবলৈ দিয়ে।













