![]()
অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটী (Khatkhati)ত আজি আৰক্ষীয়ে দুই পৃথক অভিযান (Two separate missions) চলাই বুজন পৰিমাণৰ হেৰʼইনসহ জব্দ (Huge amount of heroin seized along with) কৰাৰ লগতে দুগৰাকী মহিলাসহ তিনি সৰবৰাহকাৰীক আটক (Three traffickers, including two women, arrested) কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য অনুসৰি, আজি ভাৰতীয় ষ্টেট বেংকৰ খটখটী শাখাৰ সন্মুখত খটখটী আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীৰ সময়তে দিনৰ প্ৰায় ১১.৫০ বজাত ডিমাপুৰৰ পৰা যোৰহাট অভিমুখে আহি থকা এএছ-০৫-চি-১৭০২ নম্বৰৰ যাত্ৰীবাহী বাছখনত তালাচী চলাই এগৰাকী মহিলা যাত্ৰীৰ বেগত লুকুৱাই অনা অৱস্থাত ২০ টা চাবোনৰ বাকচত মুঠ ২৫৬.০৪ গ্ৰাম হেৰʼইন জব্দ (256.04 grams of heroin seized) কৰিবলৈ সক্ষম হয়।
এই সন্দৰ্ভত আৰক্ষীয়ে তিনিচুকীয়া জিলাৰ লেখাপানী লাকলা পথাৰৰ ৰীতা মজুমদাৰ (৩৪) নামৰ সৰবৰাহকাৰী মহিলাগৰাকীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

আনহাতে, এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত আজি পুৱা প্ৰায় ৯.৩০ বজাত আৰক্ষীৰ এটা দলে খটখটী থানাৰ অন্তৰ্গত লাহৰীজানত হেৰʼইন বিক্ৰী কৰি থকাৰ তথ্য লাভ কৰি লাহৰীজান (Lahorijan)ৰ চলটি হোটেলৰ পিছফালে থকা এটা ঘৰত তালাচী চলাই ২০ টা চাধাৰ টেমাত লুকুৱাই ৰখা অৱস্থাত ১৩৮.০৭ গ্ৰাম হেৰʼইন জব্দ (138.07 grams of heroin seized) কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত আৰক্ষীয়ে লাহৰীজান বাগান বস্তিৰ নুৰুল হক আৰু খুলেছা বেগম নামৰ দম্পতীহালক আটক কৰি অনুসন্ধান অব্যাহত ৰাখিছে।












