ASSAM TIMES POST
ডিফু : হাতী আৰু মানুহৰ সংঘাতৰ ফলত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ডকমকাত এজন যুৱকৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি কাৰবি আংলং জিলাৰ ডকমকাৰ ৰাম প্ৰসাদ গাঁওত যোৱা নিশা এটা বনৰীয়া হাতীয়ে প্ৰৱেশ কৰি গাওঁখনৰ ধানৰ মেজি খাবলৈ ধৰে ৷
স্থানীয় ৰাইজে টিন বজাই হাতীটোক খেদিবলৈ চেষ্টা কৰে যদিও হাতীটোৱে ওলোটাই খেদি আহি বিপুল উৰাং (২৫) নামৰ যুৱক জনক আক্ৰমণ কৰি আহত কৰে ৷ যুৱক জনক উন্নত চিকিৎসাৰ বাবে লৈ যোৱা সময়ত যুৱক জনে অকাল মৃত্যুক সাৱটি লয় ৷
উল্লেখযোগ্য যোৱা নিশা প্ৰায় ১২ মান বজাত খাদ্যৰ সন্ধানত শিলধৰমপুৰ বনাঞ্চলৰ পৰা অহা এই বনৰীয়া হাতীটোৰ এই আক্ৰমণত অঞ্চলটোৰ ৰাইজ ভীতিগ্ৰস্থ হৈ পৰিছে ৷ বনাঞ্চল সমূহৰ অবাধ ধ্বংসই বনাঞ্চল সমূহ সংকুচিত হৈ অহাৰ ফলত হাতী- মানুহৰ সংঘাত বৃদ্ধি পাইছে বুলি সচেতন মহলে মন্তব্য কৰিছে ৷