![]()
ভাৰতীয় সেনাৰ ডগ স্কোৱাডৰ (Army’s dog squad) লেব্ৰাডৰ কেণ্টে সন্ত্ৰাসবাদীৰ অনুসন্ধানত গৈ প্ৰাণ হেৰুৱাবলগা হয়। পলাতক উগ্ৰপন্থীৰ সন্ধানত ভাৰতীয় সেনাৰ সৈতে কেণ্ট গৈছিল। কিন্তু হঠাৎ গুলীয়াগুলী আৰম্ভ হয়। উগ্ৰপন্থী আৰু সেনা জোৱানৰ মাজত দুয়োফালৰ পৰা গুলীচালনা হয়। গুলীচালনাৰ সময়ত কেণ্টে নিজৰ হেণ্ডলাৰক (জোৱান) বচাবলৈ লৰালৰি কৰে।
কিন্তু জোৱানজনক বচাবলৈ কৰা প্ৰচেষ্টাত ৬ বছৰীয়া লেব্ৰাডৰ কেণ্ট মৃত্যুমুখত (6-year-old Labrador Kent dies) পৰে। জম্মু-কাশ্মীৰৰ নৰলা গাঁৱৰ ৰাজোলি (Rajoli in Jammu and Kashmir) অঞ্চলত সংঘটিত হয় এই ঘটনা।পিটিআইৰ সূত্ৰ অনুসৰি, কেণ্ট হৈছে লেব্ৰাডৰ জাতৰ মাইকী কুকুৰ। তাই আছিল ২১নং সেনা ডগ ইউনিটত। পলায়ন কৰা উগ্ৰপন্থীক বিচাৰি উলিয়াবলৈ জোৱানৰ এটা দলৰ সৈতে ‘অপাৰেচন সুজালিগালা’ত অংশ লৈছিল কেণ্টে। কিন্তু হঠাৎ দুয়োপক্ষৰ মাজত গুলীচালনা হয়।

কেণ্টে নিজৰ ‘হেণ্ডলাৰ’ সৈনিকজনক বচাবলৈ লৰালৰি কৰে। কিন্তু গুলীয়ে আহি কেণ্টৰ শৰীৰত আঘাত কৰে। ফলত কেণ্টৰ থিতাতে মৃত্যু হয়। কেণ্টৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ভাৰতীয় সেনাই।
জম্মু অঞ্চলৰ আৰক্ষী বিষয়া মুকেশ সিঙে কয় যে গুলীচালনাৰ ফলত এজন পাকিস্তানী উগ্ৰপন্থীৰো মৃত্যু (Pakistani militants also killed) হৈছে। আনহাতে, এজন জোৱানো শ্বহীদ হয়। ঘটনাস্থলীত উপস্থিত তিনিজন লোক গুৰুতৰভাৱে আহত (Three people were seriously injured) হয়। জম্মু আৰক্ষীয়ে জনোৱা মতে, ইয়াৰে দুজন জোৱান আৰু এজন আৰক্ষী জোৱান।










