![]()
শণিবাৰে সন্ধিয়া প্ৰায় প্ৰায় ৫ বাজি ৫০ মিনিটত কাৰবি আংলং জিলাৰ (Karbi Anglong) ডিলাই থানাৰ অন্তৰ্গত ছোটলেংৰীৰ স্থানীয় ৰাইজৰ পৰা এটা তথ্য অনুসৰি থাপা কলনী হাবি এলেকা শ্ৰীকুমাৰ চেত্ৰীৰ ঘৰৰ পিছফালে পচি যোৱা মৃতদেহ প্ৰত্যক্ষ কৰাৰ খবৰ লাভ কৰি ডিলাই থানৰ অ’চি নিতুল শইকীয়া এ এছ আই বিপ্লৱ শইকীয়া আৰু থানা ষ্টাফৰ সহযোগত তৎক্ষণাত ঘটনাস্থলীলৈ ৰাওণা হয় ৷

ঘটনাস্থলীত উপস্থিতিত অৰ্ধ গলিত অচিনাক্ত মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৃতদেহটেৰ ফটোগ্ৰাফী ৰ লগতে ভিডিঅ গ্ৰাফী লৈ বোকাজানৰ কাৰ্যবাহী দণ্ডাধীশক বিষয়টো অৱগত কৰা হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷
মৃতদেহটো ফটোগ্ৰাফী আৰু ভিডিঅ’গ্ৰাফী লোৱাৰ পিছত নিশা হোৱাৰ বাবে ছোট লেংৰি পি পিত ৰখা হয় ৷ কাইলৈ পুৱা কাৰ্যবাহী দণ্ডাধীশে মৃতদেহটোৰ চুৰৎহাল কৰিব বুলি জানিব পৰা গৈছে ৷ বাতৰি লিখা পৰলৈকে মৃতদেহটো স্থানীয় লোকে চিনাক্ত কৰিব পৰা নাই ৷













