ASSAM TIMES POST
ডিফু : সমগ্ৰ ৰাজ্যৰ লগতে কাৰবি আংলঙত কেব বিৰোধী আন্দোলনে কিছু হিংসাত্মক ৰূপ লোৱাৰ পিছত কেব বিৰোধী আন্দোলন শান্তি পূৰ্ণ আৰু অহিংস ভাবে আগবঢ়াই নিবলৈ আজি ডিফুত দুটা পৃথক পৃথক সংবাদমেল আয়োজন কৰি সাধাৰণ জনসাধাৰণলৈ এই আহ্বান জনায় কাৰবি আংলং জিলা আছু আৰু শিল্পী সমাজে ৷
আছুৰ সাধাৰণ সম্পাদক সৰ্জোন হাঞ্চেই সংবাদ মাধ্যমক জনায়যে, নাগৰিকত্ব সংশোধনী বিধেয়ক এতিয়া আইনলৈ পৰিৱৰ্তন হৈছে সেয়ে বিৰুদ্ধে আছুৱে উচ্চতম ন্যায়ালয়ত গোছৰ তৰিছে ৷ সমান্তৰালকৈ এই আন্দোলনক দীৰ্ঘস্থায়ী কৰিবলৈ কোনোধৰণৰ হিংসাৰ আশ্ৰয় নোলোৱাকৈ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক পৰিবেশ বজাই ৰাখি অহিংস আৰু গণতান্ত্ৰিক ভাবে আন্দোলন চলাই নিয়া হব বুলি কয় ৷ গাঁৱে-ভূঁঞেও কেব বৰোধী আন্দোলন চলোৱাৰ লগতে উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত সত্যাগ্ৰহ আন্দোলন কৰা হব ৷
গণসত্যাগ্ৰহ আন্দোলনৰ শ্ল’গান থাকিব ‘ হয় কেব বাতিল কৰক, নহয় আমাক গ্ৰেপ্তাৰ কৰক ৷ আনহাতে গায়ক, মিউজিচিয়ান, কাৰবি ফিল্ম চ’ছাইটিৰ যৌথ উদ্যোগত আয়োজিত আন এক সংবাদ মেলত কাৰবি কালচাৰেল ছ’চাইটীৰ সভাপতি চন্দ্ৰছিং ক্ৰই সংবাদ মাধ্যমক সম্বোধন কৰি কয়যে, কেবৰ প্ৰভাৱ কাৰবি আংলঙত নপৰে বুলি কৈছে যদিও তেওলোক আশ্বস্ত হব পৰা নাই ৷
কিয়নো এমঅএচৰ জৰিয়তে কাৰবি আংলঙত যি পৰিমানৰ উন্নয়ণ হৈছে সেই পৰিমাণে স্বায়ত্ত শাসিত পৰিষদৰ শক্তি সমূহো চৰকাৰে হৰণ কৰি নিছে বুলি অভিযোগ কৰে ৷ ধৰ্মৰ ওপৰত বিধেয়ক আইনলৈ পৰিৱৰ্তন কৰা কৰ্মক কাৰবি আংলং শিল্পী সমাজে কেতিয়াও আদৰি নলয় অথচ কেব বিৰোধী আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে শিল্পী সমাজে ৷ শিল্পী সমাজে অনাগত দিনত পুৱা ১১ বজাৰ পৰা বিয়লি ৪ বজালৈ গণতান্ত্ৰিক আন্দোলন চলাব বুলিও জনাব বলি জনায় নেতাজনে ৷











