২৫ ছেপ্টেম্বৰত বিবাহপাশত আবদ্ধ হʼব (Wedding will take place on September 25) অভিনেত্ৰীগৰাকী। ৰাজস্থানৰ উদয়পুৰৰ ৰাজপ্ৰসাদত অনুষ্ঠিত হʼব বিবাহ অনুষ্ঠান। বিয়াৰ প্ৰস্তুতি আৰম্ভ কৰাৰ পূৰ্বে শনিবাৰে মহাকাল মন্দিৰত পূজা কৰে পৰিনীতি চোপ্ৰাই (Parineeti Chopra performs puja at Mahakal temple)। তেওঁৰ লগত আছিল অভিনেত্ৰীগৰাকীৰ ভৱিষ্যত স্বামী ৰাঘৱ চদ্দা (Raghav Chadda)। সাজ-পোছাকৰ ওপৰত কাৰো আপত্তি নাই। কিন্তু আপৰ নেতাগৰাকী আৰু অভিনেত্ৰীগৰাকীৰ ভৰিলৈ চাই সমালোচনাত মুখৰ হৈ পৰে নেটিজেনসকল। কাৰণ জোতা পিন্ধি মন্দিৰত প্ৰৱেশ (Entry into the temple wearing shoes) কৰিছে তেওঁলোকৰ। কিন্তু জোতা পিন্ধি মন্দিৰত প্ৰৱেশৰ অনুমতি কেনেদৰে পালে তাকে লৈ আৰম্ভ হয় সমালোচনা।
ৰাজস্থানৰ বিলাসী প্ৰাসাদ বা হোটেলত সাতদিনীয়া ভ্ৰমণৰ অন্তত এখন বা দুখন নহয়, তিনিখন চহৰত ৰিচেপচন পাৰ্টিৰ পৰিকল্পনা কৰিছে দম্পতীহালে। ৰাঘৱৰ জন্ম হৈছিল দিল্লীত। তাতেই ডাঙৰ হয়। তেওঁৰ অধিকাংশ আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱী ৰাজধানীৰ বাসিন্দা। গতিকে দিল্লীত অভ্যৰ্থনা অনুষ্ঠান আছে। অৱশ্যে বিষেশকৈ দিল্লীতেই নহয়, গুৰুগ্ৰামৰ এখন বিলাসী হোটেলত বিয়াৰ সকলো ব্যৱস্থা হʼবলৈ গৈ আছে। কিন্তু বিয়াৰ আগে আগে মহাদেৱৰ আশীৰ্বাদ বিচাৰিবলৈ গৈ ৰাঘৱ আৰু পৰিনীতিয়ে বিতৰ্কত লিপ্ত হয়।
কিছু নেটিজেনে কটুভাৱে লিখিছে, ‘জোতা পিন্ধি মন্দিৰলৈ কোন যায়, চব নাটক’। কিছুমানৰ মতে, ‘জোতা পিন্ধি মন্দিৰত প্ৰৱেশ নকৰাৰ নিয়ম এনে নিৰ্লজ্জ অভিনেতাৰ বাবে নহয়’। কিছুমানে অনুশোচনা কৰি লিখিছে, ‘যিমান নিয়ম আছে কেৱল সাধাৰণ মানুহৰ বাবেহে’। অৱশ্যে এই সন্দৰ্ভত ৰাঘৱ বা পৰিনীতিয়ে কোনো মন্তব্য কৰা নাই।