অহা ২৭ আগষ্ট, ২০২৩ তাৰিখে সু-গায়িকা তথা অসমৰ বিহু সম্ৰাট খগেন মহন্তৰ পত্নী অৰ্চনা মহন্তৰ (Archana Mahanta) পুণ্যতিথি। তেওঁৰ পুণ্যতিথিৰ দুদিন পূৰ্বে অৰ্থাৎ আজি ২৫ আগষ্ট, ২০২৩ তাৰিখে অংগৰাগ পাপন মহন্তই (Angarag Papon Mahanta) মাতৃক সুঁৱৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক বিশাল আয়োজনৰ পোষকতা কৰিছে।
এই অনুষ্ঠানত অসমৰ জনপ্ৰিয় বহু কণ্ঠশিল্পীয়ে অংশগ্ৰহণ কৰাৰ লগতে অৰ্চনা মহন্তৰ গীতত কণ্ঠদান কৰিব। উল্লেখ্য যে, এই অনুষ্ঠানৰ বাবে বিনামূলীয়া পাছৰ ব্যৱস্থা কৰা হৈছে। এই পাছসমূহ গুৱাহাটীস্থিত “Repose Bakery” ত উপলব্ধ। সন্ধিয়া ৬ টা বজাৰ পৰা এই অনু্ষ্ঠানৰ আৰম্ভণি হ’ব। অংগৰাগ পাপন মহন্তই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছিল যে, ” মা অৰ্চনা মহন্তই আমাক এৰি থৈ যোৱা প্ৰায় ৩ টা বছৰ সম্পূৰ্ণ হৈ গ’ল। গতিকে, আহক ২৫ আগষ্ট তাৰিখে আমি একেলগে মাক প্ৰণাম জনাওঁ।”