জম্মু-কাশ্মীৰক ‘বিশেষ অধিকাৰ’ দিয়া ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ বিপৰীতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা ৩৭১ অনুচ্ছেদ প্ৰত্যাহাৰ কৰা নহʼব (Article 371 of north-eastern states will not be revoked)। উচ্চতম ন্যায়ালয়ত জম্মু-কাশ্মীৰৰ ৩৭০ আৰু ৩৫(এ) অনুচ্ছেদ বাতিলৰ সৈতে জড়িত গোচৰৰ শুনানিৰ সময়ত কেন্দ্ৰই এই মন্তব্য কৰে। চাৰি বছৰ পূৰ্বে নৰেন্দ্ৰ মোডী চৰকাৰে ৩৭০ অনুচ্ছেদ বাতিল কৰি জম্মু-কাশ্মীৰৰ ‘বিশেষ মৰ্যাদা’ আনকি সম্পূৰ্ণ ৰাজ্যৰ অধিকাৰো কাঢ়ি লোৱাৰ পিছত উত্তৰ-পূবতো ৩৭১ অনুচ্ছেদক লৈ আশংকা উত্থাপন হৈছে।
সেই সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Home Minister Amit Shah) এই সন্দৰ্ভত আশ্বাস দিছিল। তেওঁ কয়, “বিৰোধীয়ে কেৱল কাশ্মীৰক লৈ প্ৰতিবাদ কৰাই নহয়, পিছত ৩৭১ অনুচ্ছেদ বিলুপ্ত হʼব বুলিও প্ৰচাৰ চলাইছিল। উত্তৰ-পূবক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰা হৈছে।”
চৰকাৰৰ স্থিতি ব্যাখ্যা কৰি শ্বাহে কয় যে ৩৭০ অনুচ্ছেদ এটা অস্থায়ী অনুচ্ছেদ, কিন্তু ৩৭১ স্থায়ী। গতিকে তেওঁ প্ৰতিশ্ৰুতি দিয়ে যে ৩৭১(এ)ৰ পৰা ৩৭১(জে)লৈকে সকলো ধাৰা বজাই ৰখা হʼব। দৰাচলতে উচ্চতম ন্যায়ালয়ত ৩৭০ অনুচ্ছেদ বাতিলৰ সৈতে জড়িত গোচৰটোত কেন্দ্ৰই যুক্তি দিছিল যে ১৯৫০ চনত ৩৭০ অনুচ্ছেদৰ অধীনত জম্মু-কাশ্মীৰক বিশেষ মৰ্যাদা দিয়া হʼলেও সেই মৰ্যাদা স্থায়ী নহয়, বৰঞ্চ ‘অস্থায়ী ব্যৱস্থা’হে।
সেই অনুচ্ছেদৰ ৩ নং উপধাৰাত কোৱা হৈছে যে ৰাষ্ট্ৰপতিয়ে ইচ্ছা কৰিলে সেই ‘বিশেষ মৰ্যাদা’ প্ৰত্যাহাৰ কৰিব পাৰে। ৰাষ্ট্ৰপতিৰ সেই ক্ষমতা ব্যৱহাৰ কৰি ২০১৯ চনত ‘বিশেষ মৰ্যাদা’ প্ৰত্যাহাৰ কৰিছিল মোডী চৰকাৰে। অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে নিৰ্দেশনাত স্বাক্ষৰ কৰাৰ পৰাই ৩৭০ অনুচ্ছেদ বাতিল কৰা হয়। এই অনুচ্ছেদৰ অধীনতেই ৩৫(ক) অনুচ্ছেদত জম্মু-কাশ্মীৰৰ বাসিন্দাসকলে ভাৰতীয় ভূখণ্ডৰ পৰা লাভ কৰা বিশেষ সুবিধাসমূহো বাতিল কৰা হৈছে।
আনহাতে, ৩৭০ নং অনুচ্ছেদৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা গোচৰটোত আবেদনকাৰীসকলে যুক্তি আগবঢ়ায় যে জৱাহৰলাল নেহৰুৰ কাৰ্যকালৰ সাংবিধানিক সংশোধনীৰ বিষয়ে আলোচনা কৰা ১২ নং অনুচ্ছেদত কোৱা হৈছে যে যদিহে ‘সংবিধান সভাৰ’ (পাছত ৰাজ্য চৰকাৰ) সন্মতি দিয়ে, তেতিয়াহে যিকোনো সংশোধনী সংবিধানৰ জম্মু-কাশ্মীৰৰ ক্ষেত্ৰত প্ৰযোজ্য। অৰ্থাৎ জম্মু-কাশ্মীৰত যিকোনো সংশোধনী প্ৰযোজ্য হʼবলৈ হʼলে ৩৭০(১) অনুচ্ছেদ অনুসৰি ৰাজ্য চৰকাৰৰ সন্মতি সাপেক্ষে ৰাষ্ট্ৰপতিৰ আদেশৰ প্ৰয়োজন।
নিৰ্বাচনৰ ওপৰত ১৫ নং ধাৰা ৰাজ্যসমূহ— ৰাজ্য বিধানসভাৰ নিৰ্বাচন ৰাজ্যৰ নিজৰ আইন অনুসৰি পৰিচালিত বা নিয়ন্ত্ৰিত হʼব। ফলত ৩৭০ অনুচ্ছেদ বাতিল কৰিবলৈ সংবিধানসভা বা বিধানসভাৰ সন্মতিৰ প্ৰয়োজন হয়। কিন্তু মোডী চৰকাৰৰ দিনত ৩৭০ বাতিলৰ পূৰ্বে জম্মু-কাশ্মীৰত বিধানসভা ভংগ কৰি ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়া হৈছিল।