ৰাঘৱ চাদ্দা-পৰিনীতি চোপ্ৰাৰ বিয়াৰ তাৰিখ
সকলো ঠিকে থাকিলে ২৫ ছেপ্টেম্বৰত বিবাহপাশত আবদ্ধ হʼব ৰাঘৱ চাদ্দা-পৰিনীতি চোপ্ৰাই (Raghav Chadha & parineeti Chopra)। এই খবৰ ঘনিষ্ঠ সূত্ৰৰ। ইতিমধ্যে দুয়োটা পৰিয়ালে জোৰদাৰভাৱে প্ৰস্তুতি আৰম্ভ কৰিছে। ৰাজস্থানত অনুষ্ঠিত হʼব বিবাহ অনুষ্ঠান।
গুৰুগ্ৰামত অভ্যৰ্থনা। যোধপুৰৰ উমাইদ ভৱন প্ৰাসাদত বিবাহপাশত আবদ্ধ হʼব ৰাজনীতিবিদ-নায়িকাগৰাকিয়ে। নিক জোনাছ-প্ৰিয়ংকা চোপ্ৰাইও ইয়াতেই বিয়াৰ মংগল গাঁঠি বান্ধিছিল।
অৰ্জুন-মালাইকাৰ প্ৰেমত ইতি!
চাৰি বছৰৰ প্ৰেম। প্ৰেমৰ কাৰণে স্বামী আৰু সন্তানক এৰি ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু সেই প্ৰেমত ইতি পৰিল নেকি? এয়া হৈছে অৰ্জুন কাপুৰ-মালাইকা অৰোৰাৰ (Arjun Kapoor & Malaika Arrora) জীৱনৰ কথা। এ পি ধিলনৰ পাৰ্টিত অকলে দেখা গʼল মলাইকাক। তেতিয়াৰে পৰাই এই দম্পতীহালৰ প্ৰেমৰ সম্পৰ্কত ইতি পৰিছে বুলি চৰ্চা চলিছে।
যদিও এই খবৰটো কেইবাটাও সংবাদ মাধ্যমে নাকচ কৰিছে। তেওঁলোকে দাবী কৰে যে অৰ্জুন আৰু মলাইকা যিদৰে বান্ধ খাই আছিল তেনেদৰেই আছে।