![]()
দাৰ্জিলিং চাহ (Darjeeling Tea) সন্দৰ্ভত ধাৰাবাহিক অভিযোগ আৰু পৰামৰ্শ আগবঢ়াই আহিছে নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক চমুকৈ কেগে (CAG)। নিজৰ প্ৰতিবেদনত কেগে উল্লেখ কৰিছে যে এতিয়াও নেপালী চাহ দাৰ্জিলিং চাহৰ লগত মিহলি হৈ আছে।

‘ভাৰতত চাহৰ গুণাগুণ উন্নত কৰাত চাহ বোৰ্ডৰ ভূমিকা’ শীৰ্ষক প্ৰতিবেদনত কেগে কয় যে দাৰ্জিলিং চাহৰ মান সুৰক্ষিত কৰিবলৈ অবৈধ মিশ্ৰণ বন্ধ কৰিব লাগিব। কেগৰ প্ৰতিবেদন অনুসৰি, “নেপালৰ হাইলেণ্ডত উৎপাদিত চাহৰ পৰা পৰম্পৰাগত চাহ তৈয়াৰ কৰা হয়। এই চাহৰ দাৰ্জিলিং চাহৰ লগত বহু সাদৃশ্য আছে। কাৰণ দুয়োখন ঠাইৰ মাটি, পৰিৱেশ, বতৰ, জলবায়ু, উষ্ণতা আৰু বৰষুণৰ পৰিমাণ প্ৰায় একে।কেগৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০১৭-১৮ চনৰ পৰা ২০২০-২১ চনলৈ নেপালত উৎপাদিত চাহৰ প্ৰায় ৯৬ শতাংশ ভাৰতলৈ ৰপ্তানি কৰা হৈছিল। নেপালৰ চাহ আমদানিৰ মূল কাৰণ হৈছে মিশ্ৰণ।
প্ৰতিবেদনত লগতে কোৱা হৈছে, “জি আই টেগ কৰা দাৰ্জিলিং চাহৰ সৈতে নেপালী চাহ মিহলাই ভাৰতীয় চাহ হিচাপে বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। ফলত দাৰ্জিলিং চাহৰ মান বজাই ৰখাটো কঠিন হৈ পৰে।” চাহ বোৰ্ডে সকলো আমদানিকাৰী কোম্পানীক ৰচিদত উল্লেখ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে যে চাহ ক’ৰ পৰা আমদানি কৰা হৈছে। চাহ বিক্ৰেতাক দাৰ্জিলিং, অসম, কংৰা, নীলগিৰিৰ পৰা অহা পৰম্পৰাগত চাহৰ লগত আমদানিকৃত চাহ মিহলি নকৰিবলৈ কোৱা হৈছে।
আন এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে কেগে। প্ৰতিবেদন অনুসৰি, ১২৭ টা আমদানিকাৰী কোম্পানীৰ ভিতৰত ৯০ টা কোম্পানীৰ কোনো অনুজ্ঞাপত্ৰ নাই। এতিয়াৰ পৰা চাহ আমদানি কৰিবলৈ চাহ বোৰ্ডৰ পৰা অনুজ্ঞাপত্ৰ লোৱাটো বাধ্যতামূলক কৰা হৈছে।










