এইবাৰ ৰবি শৰ্মাৰ (Ravi Sarma) যাদু চলিব থিয়েটাৰত। বহুদিনীয়া বিৰতিৰ অন্তত চলচিত্ৰ জগতত তেওঁৰ আগমনে যেনেদৰে নজিৰ সৃষ্টি কৰিছিল। ঠিক তেনেদৰে, থিয়েটাৰতো এইবাৰ তেওঁৰ অভিনয়ৰ গুণ-গাঁথা গাব দৰ্শক সকলে।
চলিত নাট্যবৰ্ষত ৰবি শৰ্মা জড়িত হৈ আছে হেঙুল থিয়েটাৰৰ সৈতে। থিয়েটাৰ গোষ্ঠীটোৰ অন্যতম নাটক প্ৰণৱ বৰুৱাৰ “আঁকৰী তই পগলা মই” মঞ্চস্থ কৰা হ’ব অহা ২১ আগষ্টৰ পৰা। এই নাটকখনত “পগলা ৰজা” ৰ চৰিত্ৰ ৰূপায়ণ কৰিছে অভিনেতা ৰবি শৰ্মাই। এইখিনিতে আপোনালোকক জনাই থওঁ যে, হেঙুল থিয়েটাৰে মৰিয়নি মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা চলিত নাট্যবৰ্ষৰ নাট্যযাত্ৰাৰ শুভাৰম্ভণি কৰিব।