ASSAM TIMES POST
নগাঁও : ঝাৰখণ্ডৰ বুকাৰুত সংঘটিত এক ৰহস্যজনক সংঘৰ্ষত চি আৰ পি এফত কৰ্মৰত এজন বিষয়া গুলীবিদ্ধ হৈ নিহত হোৱাৰ খবৰ পোৱা গৈছে । গুলীবিদ্ধ বিষয়াজন হৈছে নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত হাতীগড়ৰ পূৰ্ণানন্দ ভূঞা। পঞ্চল্লিশোৰ্দ্ধৰ বিষয়াজন এই সংঘৰ্ষত গুলীবিদ্ধ হৈ নিহত হোৱা বুলি জানিব পৰা গৈছে ।
আনহাতে সোমবাৰৰ সন্ধিয়া ৭-৩০ বজাত চি আৰ পি এফৰ ২২৬ নং বেটেলিয়নৰ বিষয়া পূৰ্ণানন্দ ভূঞাৰ সৈতে ফোনত তেওঁৰ পৰিয়ালৰ শেষ যোগাযোগ স্থাপন হৈছিল । তেওঁ পত্নীৰ সৈতে বাৰ্তালাপ কৰিছিল ।
ইয়াৰ পিছতে বিষয়াজনৰ লগত পৰিয়ালৰ আৰু কোনো যোগাযোগ স্থাপন হোৱা নাই । যোৱা ১৫ নবেম্বৰত ছুটী শেষ কৰি ঘৰৰ পৰা উভতি যোৱা পূৰ্ণানন্দ ভূঞাৰ এনে এক খবৰে এতিয়া মৰ্মাহত কৰি তুলিছে পৰিয়ালটিক । একাংশই এই সংঘৰ্ষ মাওবাদীৰ সৈতে হোৱা বুলি সন্দেহ কৰাৰ বিপৰীতে আন একাংশই চি আৰ পি এফ শিবিৰটোত তেওঁলোকৰ নিজৰ মাজতেই হোৱা বুলি প্ৰকাশ কৰিছে ।
ইপিনে এই খবৰ পোৱাৰ পিছতে এতিয়া শোকত ভাগি পৰিছে পূৰ্ণানন্দ ভূঞাৰ পৰিয়াল । আনহাতে ঝাৰখণ্ডৰ চি আৰ পি এফ শিবিৰত সংঘটিত সংঘৰ্ষত বাহিনীটোৰ বিষয়া পূৰ্ণানন্দ ভূঞা নিহত হোৱাৰ নিশ্চিত তথ্য নগাঁও আৰক্ষীৰ শীৰ্ষ বিষয়াৰ হাতত পৰা নাই বুলি জানিব পৰা গৈছে ।
অৱশ্যে আজি পুৱা বেবেজীয়া আৰক্ষী চকীৰ আৰক্ষীয়ে এক সংঘৰ্ষত চি আৰ পি এফৰ বিষয়াজন গুলীবিদ্ধ হৈ আহত হোৱা বুলি তেওঁৰ পৰিয়ালৰ লোকক জানিবলৈ দিয়ে । ইয়াৰ বিপৰীতে ঝাৰখণ্ডৰ কেতবোৰ নিউজ চেনেলত চি আৰ পি এফৰ বিষয়া পূৰ্ণানন্দ ভূঞা নিহত হোৱাৰ বাতৰি প্ৰকাশ পোৱা বুলি জানিব পৰা গৈছে ।