দীপলিনা ডেকাৰ (Deeplina Deka) নতুন গীতৰ ঘোষণা কৰাৰ পিছতেই অনুৰাগীৰ উৎসাহৰ সীমা নথকা হয়। তেওঁৰ নতুন প্ৰকল্পৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা বহু অনুৰাগী আছে। শেহতীয়াকৈ তেখেতে সামাজিক মাধ্যমৰ জৰিয়তে তেওঁৰ আহিবলগীয়া “ধিমিক ধামাক” গীতটিৰ বিষয়ে জানিবলৈ দিয়ে।
গীতটিৰ ঘোষণা কৰাৰ সময়ত কণ্ঠশিল্পীগৰাকীয়ে আপলোড কৰা ফটোখন দেখিয়েই অনুমান লগাব পৰা যায় যে “ধিমিক-ধামাক” শীৰ্ষক গীতটিৰ বিষয়বস্তু হৈছে বৰষুণ। গীতটিৰ মুক্তি কেতিয়া অথবা সবিশেষ বৰ্তমানলৈকে দীপলিনা জনোৱা নাই।
কিছুদিন পূৰ্বে, নিজ অভিনয়ৰ জৰিয়তেও হৃদয় জিনিছিল দীপলিনা ডেকাই। “খোজৰ শব্দ” নামৰ চিৰিজ খনত হিমাংশু প্ৰসাদ দাসৰ সৈতে তেওঁ কৰা অভিনয়ৰ প্ৰশংসা হৈছে সৰ্বত্ৰে।