![]()
বৃহস্পতিবাৰৰ পৰা পুনৰ জ্বলিছে মণিপুৰ (Fresh Violence in Manipur )। পশ্চিম ইম্ফলত আৰক্ষী আৰু সেনাৰ সৈতে উত্তেজিত ৰাইজৰ সংঘৰ্ষ (Mob clashes with police and army in West Imphal) হয়। প্ৰশাসনৰ সূত্ৰ অনুসৰি, উক্ত সংঘৰ্ষত এজন আৰক্ষীৰ মৃত্যু (death of a policeman) হয়।
ৰাজ্যিক আৰক্ষী সূত্ৰৰ তথ্য অনুসৰি, বৃহস্পতিবাৰে বিষ্ণুপুৰৰ একাধিক থানাত পুৰুষ-মহিলাৰ বৃহৎ এটা দলে আক্ৰমণ কৰে। কেৱল আক্ৰমণেই নহয়, আৰক্ষী থানাৰ পৰা বহু অস্ত্ৰ-শস্ত্ৰ লুটি (Looting many weapons) লৈ যায়। এজন আৰক্ষী বিষয়াই জনোৱা মতে, হঠাতে কিৰেনফাবি আৰু থাংগালৱাই থানাত মহিলা আৰু পুৰুষৰ দল এটা সোমাই যায়। তাৰ পিছত আক্ৰমণ কৰে। আৰক্ষীয়েও এই আক্ৰমণ প্ৰতিহত কৰাৰ চেষ্টা চলায়। ফলত দুয়োপক্ষৰ মাজত সংঘৰ্ষ হয়।

কেৱল কিৰেনফাবি আৰু থাংগালৱাই থানাতে নহয়, হাইংগাং চিংজামেই থানাতো আক্ৰমণৰ চেষ্টা চলায় এই ৰাইজে। কিন্তু আৰক্ষীয়ে এই আক্ৰমণ ৰোধ কৰিবলৈ সক্ষম হয়। প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা মতে, পশ্চিম ইম্ফলৰ কেইবাটাও স্থানত সেনা-আৰক্ষীৰ সৈতে উত্তেজিত ৰাইজৰ মাজত সংঘৰ্ষ হয়। কুটৰুক, হাৰাওথেল, সেঞ্জাম চিৰাং অঞ্চলত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীৰ সৈতেও আৰক্ষীৰ সংঘৰ্ষ হয়। দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত এজন আৰক্ষীসহ দুজন লোক নিহত হয়। আৰক্ষীয়ে জনোৱা মতে, স্নাইপাৰেৰে গুলীচালনা কৰে আৰক্ষী জোৱানজনৰ মূৰত।
আনহাতে, বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চল ফুগাকচাও ইখাইত ৫০০-৬০০ জনীয়া এটা দলে সমবেত হৈ আক্ৰমণৰ প্ৰস্তুতি চলাইছিল। কিন্তু তাৰ আগতে সেনা-আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰি ৰাইজক ছত্ৰভংগ দিয়ায়। আৰক্ষীৰ সূত্ৰ অনুসৰি, এই ঘটনাত ২৫ জন লোক সামান্যভাৱে আহত হয়। ৰাজ্যৰ আৰক্ষীয়ে জাৰি কৰা এক বিবৃতিত ২৪ ঘণ্টাত মণিপুৰত পুনৰ পৰিস্থিতি উত্তপ্ত হোৱা বুলি জানিব পৰা গৈছে।
কেইবাটাও স্থানত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। কেইবাখনো থানাত ৰাইজে আক্ৰমণ চলায়।পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ পাহাৰ আৰু উপত্যকা জিলাত ১২৯টা আৰক্ষী চকী স্থাপন কৰা হৈছে। বিভিন্ন জিলাৰ পৰা হিংসা বিয়পোৱা আৰু হিংসাৰ লগত জড়িত থকাৰ অভিযোগত ১০০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।













