ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ কেবৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি অগ্নিগৰ্ভা হৈ থকাৰ সময়তে গোলাঘাটত প্ৰতিবাদে চৰম ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গ’ল৷ আজি গোলাঘাট জিলাৰ ফলঙণিৰ কুমুদ বৰঠাকুৰ নামৰ এজন লোকে গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ত পূৰ্ণ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে৷
লোকজনে কেব আমি নামানো, সৰ্বানন্দ সোণোৱাল জাতিৰ দ্ৰোহী, সৰ্বানন্দ সোণোৱাল খলনায়ক আদি বিভিন্ন ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে৷ শেষত আৰক্ষী উপস্থিত হৈ লোকজনে কৰা প্ৰতিবাদ ৰোধ কৰিবলৈ সক্ষম হয়৷