![]()
পশ্চিম কাৰ্বি আংলঙৰ দয়াংমুখৰ দুৰ্গাবাৰী গাঁৱত (Durgabari village of Dayangmukh in West Karbi Anglong) আজি দৈয়াং নৈত এটা মৃতদেহ উদ্ধাৰক (Body recovered) লৈ চাঞ্চল্যৰ সৃষ্টি হয়। মৃতদেহটো সোমবাৰে পুৱাৰে পৰা সন্ধানহীন হৈ থকা সীমা বিশ্বাস (Missing seema Biswas) নামৰ মহিলাগৰাকীৰ বুলি পাছত চিনাক্ত হয়। দয়াং নৈৰ কালি ঘাটত নৈৰ বুকুৰ পৰা উদ্ধাৰ কৰা হয় মৃতদেহটো। পৰিধান কৰা চেণ্ডেল নৈৰ পাৰত প্ৰত্যক্ষ কৰি পানীত ডুব যোৱাৰ সন্দেহত নৈত উদ্ধাৰ অভিযান চলাই এচডিআৰএফ বাহিনীয়ে মৃতদেহটো উদ্ধাৰ কৰে।

ইপিনে, সীমা বিশ্বাসক হত্যা কৰি পেলাই দিয়াৰ সন্দেহ সীমাৰ পিতৃ গৃহৰ পৰিয়ালৰ। স্বামী স্বৰূপা নন্দ বিশ্বাস, ভাতৃ ৰোহিত বিশ্বাস আৰু শাহুয়েকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছে সীমাৰ পিতৃ আৰু পৰিয়ালে। যোৱা মাৰ্চ মাহত বিবাহপাশত আৱদ্ধ হোৱাৰে পৰা সীমাৰ ওপৰত মানসিক, শাৰীৰিক নির্যাতন চলাই অহাৰ অভিযোগ তুলিছে সীমাৰ পিতৃ আৰু পৰিয়ালে ৷

উল্লেখ্য যে সোমবাৰে সন্ধানহীনৰ খবৰৰ পাছতেই বৈঠালাংছ’ৰ লংজাপৰ জীয়ৰী অর্থাৎ দয়াংমুখত বোৱাৰী হিচাপে বিয়া হোৱা সীমা বিশ্বাসৰ স্বামী স্বৰূপা নন্দ বিশ্বাসৰ বাহগৃহত উপস্থিত হৈছিল সীমাৰ পিতৃ আৰু পৰিয়ালৰ লোক। আৰু তাৰ পাছতে ঘটনা সন্দৰ্ভত সোধা পোছা কৰোতেই দুয়োপক্ষৰ মাজত সৃষ্টি হৈছিল উত্তেজনা আৰু তীব্ৰ বাক্-বিতণ্ডাৰ।
ইতিমধ্যে সন্ধানহীন আৰু হত্যাৰ সন্দেহত স্বামী গৃহৰ পৰিয়ালৰ বিৰুদ্ধে যোৱা কালি খেৰণি থানাত এখন এজাহাৰো দাখিল কৰিছে সীমা বিশ্বাসৰ পিতৃ পুতুল বিশ্বাসে। অৱশ্যে, আৰক্ষীৰ সঠিক তদন্ত আৰু অনুসন্ধানৰ পাছতহে পোহৰলৈ আহিব প্রকৃত তথ্য। ইতিমধ্যে উদ্ধাৰ কৰা সীমাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা হাতত লৈছে খেৰণি আৰক্ষীয়ে।












