ASSM TIMES POST,ডিফুঃ ডিলাই আৰক্ষী থানা অন্তৰ্গত চিন্থং ইংতি তিনিআলিত কালি এক পথ দুৰ্ঘটনাত এজন যুৱকৰ থিতাতে নিহত হয়৷ প্ৰাপ্ত খবৰ অনুসৰি এজন যুৱকে ডিফুৰ পৰা হিদিপি অভিমুখে এএছ ০৫ এএল ১৯৩৫ নম্বৰৰ নীলা ৰঙৰ মটৰ চাইকেলেৰে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা আহি থকা এন এল ০১ কে ৩০৯২ নম্বৰৰ ১২ চকীয়া ট্ৰাক এখনে খুন্দিয়াই দিয়াৰ ফলত বাইক আৰোহী মূৰত আঘাত পায়৷ পিছত ডিমাপুৰ হাস্পতালত যুৱকজনৰ মৃত্যু হয়৷ নিহত বাইক আৰোহীজন হিদিপিৰ শ্লেষ্টিন বিনুং (২০) বুলি চিনাক্ত কৰা হৈছে৷ ইতিমধ্যে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক ট্ৰাকসহ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে৷













