অসমীয়া চলচিত্ৰ (Assamese Cinema) উদ্যোগটোৱে যি গতি লাভ কৰিছে, সেয়া আমাৰ বাবে উৎসাহপূৰ্ণ। আকৌ এখন নতুন অসমীয়া ছবি “শিপা” ৰ খবৰ আমি লাভ কৰিছোঁ।
Nexstar Studios ৰ বেনাৰত নিৰ্মিত এই ছবিখন এখন ৰহস্যময়ী কিতাপৰ ওপৰত আধাৰিত, যিখন কিতাপ যিগৰাকী পঢ়ুৱৈ পঢ়ে তেওঁ মৃত্যুক আকোঁৱালি ল’বলগীয়া হয়। কিতাপখনত এনে কি আছে অথবা কিতাপখনৰ স্ৰষ্টা গৰাকীৰ তাত এনে কি শক্তি যিয়ে সকলোকে মৃত্যুৰ মুখলৈ ঠেলি নিয়ে সেই আটাইবোৰৰ সন্ধান তথা তদন্তত নমা দুজন যুৱক আৰু এগৰাকী যুৱতীৰ কাহিনীক লৈয়ে নিৰ্মাণ কৰা হৈছে “শিপা- The Ink is still not Dry”।
ৰাজা চৰণ সিঙৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত আছে অসীম নাথ আৰু বিকাশ সাহা।ছবিখনত অভিনয় কৰিছে ক্ৰমে সুৰুয কুমাৰ কলিতা, ডানী কাশ্যপ, শংকু বৰমুদৈ, ৰাজু ৰয়, চিন্ময় কটকী, শ্যামলীমা দাস আৰু মিষ্ট্ৰী মেনে।