ইছৰো (ISRO)ৰ তৃতীয় চন্দ্ৰ অভিযানত (Third lunar mission) লোৱা হৈছে এক অনন্য পদক্ষেপ। কেৱল চন্দ্ৰৰ মাটিত বৈজ্ঞানিক তথ্য অনুসন্ধান আৰু মাটি-শিল সংগ্ৰহ কৰাই নহয়, চন্দ্ৰপৃষ্ঠত ভাৰতৰ উপস্থিতি প্ৰমাণ কৰিবলৈ ৰ’ভাৰ ‘প্ৰজ্ঞান’-এ অংকন কৰিব অশোক স্তম্ভ আৰু ইছৰোৰ প্ৰতীক (Will paint Ashoka Pillar, ISRO symbol)।
ইছৰোৰ মতে, প্ৰায় ৪০ দিনৰ পাছত চন্দ্ৰযান-৩ৰ (Chandrayaan-3) সৌৰ লেণ্ডাৰ বিক্ৰমে ২৩ বা ২৪ আগষ্টত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব পাৰে। তাৰ পৰাই সৌৰচালিত ৰ’ভাৰ প্ৰজ্ঞানে চন্দ্ৰৰ মাটি স্পৰ্শ কৰিব। তাত চন্দ্ৰৰ মাটিৰ চৰিত্ৰ, বিভিন্ন খনিজ পদাৰ্থৰ উপস্থিতিৰ তথ্য সংগ্ৰহ কৰা হʼব। লগতে প্ৰজ্ঞানে যাতায়াত কৰিব আৰু সেই অঞ্চলৰ চন্দ্ৰ ভূমিত অশোকস্তম্ভ আৰু ইছৰোৰ প্ৰতীক অংকন কৰা হʼব।
শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ ‘লঞ্চিং পেডʼৰ পৰা চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপণ কৰে। কিন্তু চূড়ান্ত সফলতাৰ বাবে এতিয়াও বহু দূৰ বাকী আছে। চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে যদি চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰপৃষ্ঠত সফলতাৰে স্পৰ্শ কৰে আৰু তাৰ পিছত সফলতাৰে ৰ’ভাৰ প্ৰজ্ঞান অৱতৰণ কৰে তেন্তে ভাৰতীয় মহাকাশ অভিযানৰ ইতিহাসে এক নতুন মাত্ৰা লাভ কৰিব। তেনে ক্ষেত্ৰত বিগত দশকত চীনৰ পিছত আন কোনো দেশৰ মহাকাশযানে চন্দ্ৰত সফলতাৰে অৱতৰণ কৰিব। এই তালিকাত আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছত চতুৰ্থখন দেশ হিচাপে স্থান লাভ কৰিব ভাৰতে।
উল্লেখযোগ্য যে ২০১৯ চনৰ ৭ জুলাইত চন্দ্ৰযান লেণ্ডাৰ বিক্ৰমে চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰৰ ‘চিম্পলেছ এন’ আৰু ‘মেংগিনাছ চি’ নামৰ দুটা ক্ৰেটাৰৰ মাজত অৱতৰণ কৰাৰ চেষ্টা কৰিছিল (এইবাৰ অৱতৰণ দক্ষিণ মেৰু অঞ্চলত হʼব)। কিন্তু সফল নহʼল। ৰ’ভাৰ প্ৰজ্ঞানক বুকুত লৈ অৱতৰণ কৰাৰ তিনি মিনিট পূৰ্বে বিক্ৰম নিৰুদ্দেশ হয়। তিনি মাহ ধৰি আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই বিক্ৰমৰ অৱশিষ্টৰ সন্ধান অব্যাহত ৰাখিছিল। কিন্তু কোনো ধৰণে চিহ্নিত কৰিব পৰা হোৱা নাছিল। শেষত লুনাৰ ৰিকনেছান্স অৰ্বিটাৰে (LRO) তোলা এখন ছবি শ্বেয়াৰ কৰি নাছাই বিশ্বৰ পৰা সহায় বিচাৰে। সেই ছবিখন দেখি চেন্নাইৰ এজন মেকানিকেল ইঞ্জিনিয়াৰে বিক্ৰমৰ ধ্বংসাৱশেষ চিহ্নিত কৰে।