![]()
অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা এদিনীয়া কাৰ্যসূচীৰে ডিফুত (Minister Jayanta Malla Baruah in Diphu) উপস্থিত হৈ জলজীৱন মিছনৰ এখন পৰ্যালোচনা বৈঠকত (Review meeting of Jal Jeevan Mission) অংশগ্ৰহণ কৰে৷ আজি পুৱা ৯-৩০ মান বজাত ডিফুৰ আৰবৰেটাম আৰৱ ক্ৰাফ্ট চেণ্টাৰত হোৱা পৰ্যালোচনা বৈঠকত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙ, সাংসদ হৰেণছিং বে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী সদস্য মঙলছিং তিমুঙৰ লগতে বহু কেইগৰাকী কাৰ্যবাহী সদস্য, এমএচি, পৰিষদৰ বিষয়া-কৰ্মীৰ সৈতে আলেচনাত মিলিত হয়৷
উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ এই জল জীৱন মিছন প্ৰকল্পৰ জৰিয়তে বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা কৰা হৈছিল ৷ দেশৰ প্ৰতিগৰাকী লোকৰ বিপৰূতে ৫৫ লিটাৰ পানী যোগানৰ ব্যৱস্থা কৰিবলৈ এই প্ৰকল্পৰ ব্যৱস্থা কৰিছিল প্ৰধানমন্ত্ৰীয়ে ৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ঘৰলৈ বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছিল যদিও কাৰবি আংলং জিলাত যেন ই অসাৰ প্ৰতিপন্ন হ’ল ৷

কাৰণ আজি স্বয়ং মন্ত্ৰীগৰাকী সমগ্ৰ দেশৰ ভিতৰতে জল জীৱন মিচনৰ কাম আৰম্ভ নেহোৱা জিলাৰূপে কাৰবি আংলং জিলাক অভিহিত কৰে৷ এই পৰ্যালেচনা বৈঠকত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে জলজীৱন মিছনৰ সৈতে জড়িত বিষয়াসকলক উদ্দেশ্য কৰি কয় যে, জলজীৱন মিছনৰ কাম নকৰা জিলা হিছাপে আমি দেশৰ ভিতৰতে প্ৰথমস্থান লাভ কৰিছো৷ আমি ভাল কামৰে নহয়৷ বেয়া কামেৰেহে ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছো। সেয়ে, পৰিষদৰ ২৬টা সমষ্টি ভিত্তিক এই মিছন সফল কৰি তুলিবলৈ আমি আৰু অধিক কষ্ট কৰিব লাগিব।
আনহাতে, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমৰ আগত কয় যে প্ৰধানমন্ত্ৰীৰ এই সপোনৰ প্ৰকল্পৰ জৰিয়তে প্ৰতি ব্যক্তিক আমি ৫৫ লিটাৰলৈ বিশুদ্ধ খোৱা পানী যোগান ধৰাতো নিশ্চিত কৰিব লাগিব দুয়োখন পাৰ্বত্য জিলাত এই প্ৰকল্পৰ ১০০ শতাংশ সফলতাৰ বাবে আমি আজি এই পৰ্যালোচনা সভাখন অনুষ্ঠিত কৰিছিলো। দুয়োখন জিলাৰ প্ৰকল্পসমূহ কি পৰ্যায়ত আছে তাৰ আজি আমি খতিয়ান ল’বলৈ চেষ্টা কৰিছো।
কাৰণ প্ৰধানমন্ত্ৰীৰ আগ্ৰহ অনুসৰি ২০২৪ চনৰ আগে আগে আমি এই মিছন সফল কৰি তুলিব লাগিব। তাৰ কাৰণে আমি কাম কৰি আছো আৰু ইয়াত ইটো বিভাগৰ সৈতে সিটো বিভাগৰ সমন্বয় থাকিব লাগিব। কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং যিহেতু পাৰ্বত্য এলেকা আৰু বহু দুৰ্গম অঞ্চলেৰে পৰিপূৰ্ণ সেয়ে ইয়াত কামকৰাত কিছু জটিলতা আছে। সেয়ে আমি পৰিষদৰ পূৰ্ণ সহযোগ লাভ কৰিব লাগিব। সেই বাবে পৰিষদৰ সকলো সদস্য আৰু কাৰ্যবাহী সদস্যক এই মিছন সফল কৰি তুলিবলৈ আমি সহযোগ কামনা কৰিছো বুলিও মন্ত্ৰী বৰুৱাই উল্লেখ কৰে।












