![]()
পুনৰ মণিপুৰত হিংসাত্মক (Fresh Violence In Manipur) ঘটনা। আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাৰ সীমান্তত বিগত ২৪ ঘণ্টাত এজন আৰক্ষীসহ চাৰিজন লোকক কেইবাটাও ভিন্ন ঘটনাত গুলীয়াই হত্যা কৰা হৈছে (4 people, including policeman, shot dead)। নিহতসকলৰ ভিতৰত এজন কিশোৰো আছে।
বিগত দুমাহ ধৰি মাজে মাজে হিংসাত্মক পৰিস্থিতিৰ বাবে এই দুখন জিলাৰ সীমান্ত উত্তপ্ত হৈ আছে। মৃত্যুও সংঘটিত হৈছে। জিলা দুখনৰ সীমান্তত সেনা আৰু নিৰাপত্তা বাহিনীৰ তীব্ৰ সতৰ্কতাৰ মাজতো বাৰে বাৰে আক্ৰমণ সংঘটিত হৈছে। সেনা সূত্ৰৰ পৰা জানিব পৰা মতে, পাহাৰীয়া পথেৰে এই জিলা দুখনত দুষ্কৃতিকাৰীয়ে প্ৰৱেশ কৰিছে। ইয়াৰ পিছত হিংসাৰ নতুন নতুন ঘটনা সংঘটিত হৈছে। শুকুৰবাৰে নিশা দুয়োখন জিলাৰ সীমান্তৰ দুয়োফালৰ পৰা গোপনে প্ৰৱেশ কৰে দুষ্কৃতিকাৰী। ইয়াৰ পিছত নতুন সংঘৰ্ষৰ সৃষ্টি হয়।

সেনাৰ সূত্ৰ অনুসৰি, দুষ্কৃতিকাৰীয়ে কেইবাটাও ঘৰত জুই লগাবলৈ চেষ্টা চলাইছিল। কিন্তু নিৰাপত্তা বাহিনীয়ে প্ৰতিৰোধ কৰাত এই ঘটনা ৰোধ হয়। অৱশ্যে কাংভাই, ছংডো আৰু আৱাং কেকাই গাঁৱত বন্দুকৰ যুদ্ধ অব্যাহত থাকে। শুকুৰবাৰে নিশা আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ পৰা এক বিবৃতিত জনায় যে কেইবাটাও স্থানত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে। কোনো কোনো ঠাইত গুলীচালনা হৈছে। কিন্তু প্ৰায়বোৰ জিলাতে পৰিস্থিতি স্বাভাৱিক।
আনহাতে, শুকুৰবাৰে মণিপুৰ আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীয়ে যৌথ অভিযান আৰম্ভ কৰে। ইম্ফল পূব, পশ্চিম, চুৰাচান্দপুৰ, বিষ্ণুপুৰ, কাকচিং জিলাত যুটীয়া বাহিনীয়ে ১৮টা দুষ্কৃতিকাৰী আৰু উগ্ৰপন্থীৰ বাংকাৰ ধ্বংস কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, বিগত ২৪ ঘণ্টাত ৫০টা বাংকাৰ ভাঙি পেলোৱা হৈছে। এই অভিযানত ৫টা স্বয়ংক্ৰিয় অস্ত্ৰ, ৭৪টা গুলী আৰু ৫টা অতিশয় শক্তিশালী হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰা হৈছে।













