মণিপুৰত কেইবামাহ ধৰি চলি থকা সাম্প্ৰদায়িক সংঘাতৰ (Manipur communal conflict) অন্তত বুধবাৰে মুকলি হʼয় বিদ্যালয়। কিন্তু বৃহস্পতিবাৰে বিদ্যালয়ৰ বাহিৰত এগৰাকী মহিলাক গুলীয়াই হত্যা (Woman shot dead outside school in Manipur) কৰা হয়। পশ্চিম ইম্ফল জিলাৰ এখন বিদ্যালয়ৰ বাহিৰত অচিনাক্ত দুষ্কৃতিকাৰীয়ে এগৰাকী মহিলাৰ ওপৰত গুলীচালনা কৰে। মহিলাগৰাকীৰ নাম জানিব পৰা হোৱা নাই।
উল্লেখযোগ্য যে বিগত দুমাহ ধৰি মণিপুৰত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত এশৰো অধিক লোকৰ মৃত্যু হৈছে। বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ৰঞ্জন সিঙৰ ঘৰত পেট্ৰʼল বোমা নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে। মণিপুৰ চৰকাৰৰ একমাত্ৰ মহিলা মন্ত্ৰী কাংপোকপিৰ বিধায়িকা নেমচা কিগপেনৰ ঘৰ ক্ষুব্ধ ৰাইজে জ্বলাই দিয়ে। ৰাজ্যৰ জনস্বাস্থ্য, কাৰিকৰী আৰু গ্ৰাহক সুৰক্ষা মন্ত্ৰী এল সুচিন্দ্ৰ মেইটেইৰ ঘৰৰ কাষতে থকা এটা গুদামত অগ্নিসংযোগ কৰে দুষ্কৃতিকাৰীয়ে। অশান্তিৰ মাজতে ৰাজ্যখন ভ্ৰমণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
কিন্তু তাৰ পিছতো পৰিস্থিতিৰ কোনো পৰিৱৰ্তন নহʼল। বিজেপিশাসিত মণিপুৰত অশান্তিৰ বাবে ৰাষ্ট্ৰীয় ৰাজনীতি তুংগত উঠিছে। কেইবাটাও বিৰোধী দলে ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসনৰ দাবী উত্থাপন কৰিছে। মণিপুৰৰ পৰিস্থিতিৰ প্ৰতি প্ৰধানমন্ত্ৰী কিয় মৌন হৈ আছে সেই প্ৰশ্নও উত্থাপন কৰে বিৰোধীয়ে। মণিপুৰ সন্দৰ্ভত দিল্লীত অমিত শ্বাহে সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰে। মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙৰ সৈতেও শ্বাহে বৈঠকত মিলিত হয়।
মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত শ্বাহৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মণিপুৰলৈ গৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীও। কিন্তু ৰাজ্যখন এতিয়াও অস্থিৰ।তাৰ মাজতে যোৱা সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে বিদ্যালয় খোলাৰ কথা ঘোষণা কৰে। বুধবাৰে প্ৰথমৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে খোলা হয় বিদ্যালয়। প্ৰথমদিনা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ হাৰ অতি কম আছিল। অৱশ্যে বিদ্যালয় খোলাৰ সিদ্ধান্তক আদৰণি জনাইছে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে। কিন্তু বিদ্যালয় খোলাৰ দ্বিতীয়দিনা মণিপুৰত পুনৰ গুলীচালনাৰ ঘটনা সংঘটিত হয়।