ASSAM TIMES POST
গুৱাহাটীঃ আজি আগবেলা উজনিমুৱা মালবাহী ৰে’ল এখন দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাটোত নাহৰকটীয়াত সাতটা দবা লাইনচুত হোৱাৰ পৰিপ্ৰেক্ষিতত নামনিমুৱা সকলো ৰে’ল যাত্ৰা সাময়িকভাৱে বাতিল কৰা হৈছে৷
এই কথা উত্তৰ-পূব ৰে’ল কৰ্তৃপক্ষই সদৰি কৰে। এক সূত্ৰই প্ৰকাশ কৰা মতে পথছোৱা মেৰামতি আৰু দবাসমূহ আঁতৰাবলৈ প্ৰায় তিনি-চাৰি দিন সময়ৰ প্ৰয়োজন হ’ব।











